মুখ্যপৃষ্ঠা »খবৰ »অসম »বিপদত ৰাজ্যৰ ১২ লক্ষাধিক শিপিনী, গামোচা বিক্ৰী কৰিব নোৱাৰি হাহাকাৰ অৱস্থা

বিপদত ৰাজ্যৰ ১২ লক্ষাধিক শিপিনী, গামোচা বিক্ৰী কৰিব নোৱাৰি হাহাকাৰ অৱস্থা

এইবাৰ ৰঙালী ৰিং বিহীন ভাবেই পাৰ হৈ গ’ল, একেদৰে শিপিনীসকলেও নাপালে কষ্টৰ মূল্য

এইবাৰ ৰঙালী ৰিং বিহীন ভাবেই পাৰ হৈ গ’ল, একেদৰে শিপিনীসকলেও নাপালে কষ্টৰ মূল্য

এইবাৰ ৰঙালী ৰিং বিহীন ভাবেই পাৰ হৈ গ’ল, একেদৰে শিপিনীসকলেও নাপালে কষ্টৰ মূল্য

  • Share this:
শিপিনীসকলে অধীৰ অপেক্ষাৰে বাট চাই ব’হাগৰ বিহুলৈ ৷ বছৰটো মুৰৰ ঘাম মাটিত পেলাই শিপিনীয়ে বৈ উলিয়াই গামোচা। আৰু এই ব’হাগ মাহতে শিপিনীসকলে লাভ কৰে এখন বৃহত্‍ বজাৰ। কিন্তু এইবাৰ যেন নাই সেই পৰিবেশ। এইবাৰ ৰঙালী ৰিং বিহীন ভাবেই পাৰ হৈ গ’ল, একেদৰে শিপিনীসকলেও নাপালে কষ্টৰ মূল্য।

দেশত  এতিয়া চলি আছে ল’ক ডাউন ৷ ল’ক ডাউনৰ বাবে ব’হাগ বিহুৰ সময়ত শিপিনীয়ে নাপালে উপযুক্ত বজাৰ ৷ বজাৰৰ অভাৱত বিক্ৰী কৰিব নোৱাৰিলে গামোচা ৷ চৰকাৰী এক তথ্য  অনুসৰি বিহুৰ সময়ত ৰাজ্যত প্ৰতিবছৰে উৎপাদন হয় প্ৰায় ১৫ লক্ষাধিক গামোচা ৷ পিছে, দুৰ্ভাগ্যজনকভাবে এইবাৰ গামোচা পৰি ৰৈছে গোদামতে।

এতিয়া প্ৰশ্ন উঠিছে, এই শিপিনীসকলে লাভ কৰিবনে উচিত মূল্য? ল’ক ডাউনৰ পিছত চৰকাৰে এইসকলক সহায়ৰ বাবে কি পদক্ষেপ হাতত লয় সেয়া হ’ব লক্ষণীয়।

শেহতীয়া বাতৰি