সমগ্ৰ অসমতে ভোগালীৰ উছাহ। উৰুকাৰ দিনা সমূহীয়া ভোজ ভাত খাই অসমীয়াই মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি পুৱাই জ্বলালে মেজি। কিন্তু এইখন অসমৰে এখন গাঁৱত এইবাৰো নজ্বলিল মেজি।
সুদীৰ্ঘ তিনিশ বছৰে গাঁৱখনত জ্বলা নাই মেজিৰ জুই। তিনিশ বছৰে মেজিৰ উত্তাপৰ পৰা বঞ্চিত হৈ আছে গাঁওবাসী। ভোগালীৰ উৰুকাৰ নিশা গাঁৱৰ প্ৰতিগৰাকী লোকে সোঁৱৰে কৰুণ ইতিহাস!
অসম নগালেণ্ড সীমান্তৱৰ্তী মৰঙিয়াল গাঁওত তিনিশ বছৰে মেজি নজ্বলাৰ আঁৰত আছে বিশেষ কাহিনী। মৰঙিয়াল গাঁৱত প্ৰায় তিনিশ বছৰ পূৰ্বে মহা ধুম ধামেৰে সমূহীয়া ভোজ ভাত খোৱাৰ প্ৰস্তুতি চলিছিল। গাঁওখনৰ ডেকাসকলে কাকিনী তামোলৰে গাওঁখনৰ নামঘৰৰ লেমতম পুখুৰীৰ পাৰৰ পথাৰত সাজি উলিয়াইছিল সুউচ্চ মেজি।
উৰুকা নিশা ভোজ ভাত খোৱাৰ পিছতে আনন্দত মতলীয়া হৈছিল গাঁৱৰ ডেকাসকল। পুৱতি নিশা গাঁৱখনৰ মুৰব্বীজনে গা পা ধুই ৰাইজৰ হৰি ধ্বনিৰ মাজত মেজিত কৰিছিল অগ্নি সংযোগ। কিন্তু তেনে সময়তে হঠাৎ উপস্থিত ৰাইজৰ নাকত লাগিছিল পুৰা মাংসৰ গোন্ধ। দুই এজনে উমান লৈ গম পালে মেজিৰ মাজৰ পৰা আহিছে পুৰা মাংসৰ গোন্ধ। লগে লগে উপস্থিত গঞাৰ মাজত হুৱা দুৱা লাগিল।
কিন্তু তেতিয়ালৈ বহু পলম হৈছিল। মেজিৰ জুইত জাহ গৈছিল এটা মানৱ শৰীৰ। পিছে কোন আছিল সেইজন? গাঁওবাসীৰ বুজিবলৈ আৰু বাকী নাথাকিল! মেজিৰ জুইত জ্বলি যোৱা শৰীৰটো গাঁওখনৰ পাহোৱাল ডেকা মিনাৰামৰ। উৰুকাৰ নিশা ৰহি সাঁজৰ নিচাত মিনাৰাম আনন্দতে মেজিৰ ওপৰত বগাই খন্তেক বিশ্ৰাম লৈছিল। কিন্তু পুৱালৈকে মিনাৰামে ৰহিৰ ৰাগীত সাৰ নাপালে। ফলত দুৰ্ভাগ্যজনক ভাবে মেজিৰ জুইত জীৱন্তে জাহ গ’ল মিনাৰামৰ শৰীৰ।
সেই কৰুণ ঘটনাৰ পিছৰে পৰা গাঁওবাসীয়ে মেজি নজ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ১৯৫০ চনত গাঁওখনত পুনৰ ভেলা ঘৰ সাঁজি মেজি জ্বলাইছিল যদিও সেইবছৰ গাঁওখনত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱত বহুলোকে মৃত্যুক আকোঁৱালি লয়। সেই ঘটনা পিছত পুনৰ মেজি জ্বলোৱাৰ সাহস গোটাব পৰা নাই মৰিঙিয়াল গাঁওবাসীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|