কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজনো সদস্যই যোগ নিদিয়ে বিজেপিত, স্পষ্ট কৰিলে KMSS-এ

News18 Assam | News18-Assam
Updated:August 31, 2020, 6:40 PM IST
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজনো সদস্যই যোগ নিদিয়ে বিজেপিত, স্পষ্ট কৰিলে KMSS-এ
ছচিয়েল মিডিয়া বা সংবাদ মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই এনে বাতৰিক সম্পূৰ্ণৰূপে নুই কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহানে।

ছচিয়েল মিডিয়া বা সংবাদ মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই এনে বাতৰিক সম্পূৰ্ণৰূপে নুই কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহানে।

  • Share this:
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিকেই হওক বা অন্যান্য আঞ্চলিক সমিতিৰেই হওক কোনো এজন সদস্যয়ো বিজেপিত যোগ নিদিয়ে। সোমবাৰে এই কথা স্পষ্ট কৰিছে সংগঠনটোৰ উপদেষ্টা  হুছেইন মহম্মদ ছাহজাহান আৰু ভাস্কো ডি শইকীয়াই। চৌদিশে সৰৱ চৰ্চা হৈছে KMSSৰ বহু সদস্যই যোগ দিব বিজেপি দলত। গেৰুৱা বসন পিন্ধিব হেনো কৃষক মুক্তিৰ বহু সদস্যই।

ছচিয়েল মিডিয়া বা সংবাদ মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই এনে বাতৰিক সম্পূৰ্ণৰূপে নুই কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহানে। গণ মুক্তি সংগ্ৰাম সমিতিৰো আহ্বায়কৰ দায়িত্বত থকা ছাহজাহানে লগতে কয় পূৰ্বে KMSS ৰ সৈতে পূৰ্বে জড়িত কোনো সদস্য হয়তো যাব পাৰে কিন্তু তেওঁলোকৰ বৰ্তমানৰ এজনো নায়ায়।

বিজেপিৰ এচাম নেতাই কৃষক মুক্তি সংগ্ৰাম সমিতিক দুৰ্বল কৰাৰ বাবে এই বাতৰি প্ৰকাশ কৰিছে বুলিও কয় সংগঠটোৰ নেতাদ্বয়ে। তাৰ বিপৰীতে বিজেপিক গাদীচ্যুত কৰাৰ বাবেই অসমৰ সকলো আঞ্চলিক শক্তি আৰু আঞ্চলিক ৰাজনৈতিক দলক ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

সোমবাৰে মহানগৰীৰ গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান আৰু ভাস্কো ডি শইকীয়াই সাংবাদিকক সম্বোধন কৰিছিল। আঞ্চলিক দল সংগঠন আৰু শক্তিসমূহক ঐকবদ্ধ হোৱাৰ বাবে অগপক বাদ দি অন্যান্য দলসমূহ ক্ৰমে আঞ্চলিক গণ মৰ্চা, অসম সংগ্ৰামী মঞ্চ, সংযুক্ত আঞ্চলিক দল, এল ডি পি আৰু আপক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে KMSS–এ।
Published by: Sanjay Kumar Das
First published: August 31, 2020, 6:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading