ৰাজ্যত নহয় কোনো ধৰণৰ ইণ্টাৰনেট কৰ্তন,স্পষ্ট কৰি দিলে অসম আৰক্ষীয়ে

News18 Assam | News18-Assam
Updated:March 25, 2020, 10:57 PM IST
ৰাজ্যত নহয় কোনো ধৰণৰ ইণ্টাৰনেট কৰ্তন,স্পষ্ট কৰি দিলে অসম আৰক্ষীয়ে
ভুৱা বাতৰি তৈয়াৰ কৰা,ফৰৱাৰ্ড কৰা আৰু শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি জনাইছে অসম আৰক্ষীয়ে

ভুৱা বাতৰি তৈয়াৰ কৰা,ফৰৱাৰ্ড কৰা আৰু শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি জনাইছে অসম আৰক্ষীয়ে

  • Share this:
বৰ্তমান ক’ৰোণা ভাইৰাছ প্ৰতিহত কৰিবলৈ সমগ্ৰ দেশত ল’ক ডাউন ঘোষণা কৰা হৈছে। তাৰ মাজতে এটা দুষ্ট চক্ৰই ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰা হ’ব বুলি এক উৰা বাতৰি বিয়পাইছে ছচিয়েল মিডিয়াত। ৰাজ্যৰ এটা ব্যক্তিগতখণ্ডৰ সংবাদমাধ্যমৰ গ্ৰাফিক্ছ প্লেট ব্যৱহাৰ কৰি ৪৫ দিনৰ বাবে ৰাজ্যত ইণ্টাৰনেট সেৱা ব্যাহত কৰা হ’ব বুলি অপপ্ৰচাৰ চলাইছে দুষ্ট চক্ৰটোৱে।



এতিয়া এই সম্পৰ্কত স্পষ্টীকৰণ দিছে অসম আৰক্ষীয়ে। টুইটাৰযোগে অসম আৰক্ষীয়ে উল্লেখ কৰিছে যে, ‘জনতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে ইণ্টাৰনেট কৰ্তন কৰা হ'ব বুলি এটি উদ্দেশ্যপ্ৰণোদিত ভুৱা খবৰ ইণ্টাৰনেটত সম্প্ৰচাৰিত হৈ আছে। এই খবৰটো সম্পূৰ্ণ ভিত্তিহীন। ভুৱা বাতৰি তৈয়াৰ কৰা,ফৰৱাৰ্ড কৰা আৰু শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি