• Home
  • »
  • News
  • »
  • assam
  • »
  • Arunachal Pradesh: অসমৰ ১৯ শ্ৰমিকৰ আজিও শুংসূত্র পোৱা নাই অৰুণাচল চৰকাৰে, তালাচী অভিযানৰ বাবে হেলিকপ্টাৰ, NDRF নিয়োগ কৰাৰ আশ্বাস

Arunachal Pradesh: অসমৰ ১৯ শ্ৰমিকৰ আজিও শুংসূত্র পোৱা নাই অৰুণাচল চৰকাৰে, তালাচী অভিযানৰ বাবে হেলিকপ্টাৰ, NDRF নিয়োগ কৰাৰ আশ্বাস

Arunachal Pradesh: দুসপ্তাহ সম্পূৰ্ণ হোৱাত এতিয়ালৈকে কোনো খবৰ পোৱা নাই আৰু শ্ৰমিক কেইজনৰ অৱস্থান এতিয়াও জানিব পৰা হোৱা নাই। 

Arunachal Pradesh: দুসপ্তাহ সম্পূৰ্ণ হোৱাত এতিয়ালৈকে কোনো খবৰ পোৱা নাই আৰু শ্ৰমিক কেইজনৰ অৱস্থান এতিয়াও জানিব পৰা হোৱা নাই। 

Arunachal Pradesh: দুসপ্তাহ সম্পূৰ্ণ হোৱাত এতিয়ালৈকে কোনো খবৰ পোৱা নাই আৰু শ্ৰমিক কেইজনৰ অৱস্থান এতিয়াও জানিব পৰা হোৱা নাই। 

  • Share this:
বিগত দুসপ্তাহ ধৰি কুৰুং কুমেয় জিলাৰ পৰা সন্ধানহীন হোৱা সীমান্ত পথ সংগঠন (Border Road Organisation)ৰ  নিৰ্মাণ কামত জড়িত হৈ থকা অসমৰ ১৯ শ্ৰমিকৰ আজিলৈ কোনো তথ্য নাই। আনকি প্ৰশাসন, আৰক্ষী আৰু স্থানীয় ৰাইজে তালাচী অভিযান তীব্ৰতৰ কৰিও বিচাৰি উলিয়াব পৰা নাই শ্ৰমিককেইজনক ।

শ্ৰমিক নিৰুদ্দেশ হোৱা গোচৰটো যোৱা ১৩ জুলাইত কুৰুং কুমে জিলা প্ৰশাসন আৰু কল’ৰিয়াং আৰক্ষীক খবৰ দিয়া হৈছিল। দুসপ্তাহ সম্পূৰ্ণ হোৱাত এতিয়ালৈকে কোনো খবৰ পোৱা নাই আৰু শ্ৰমিক কেইজনৰ অৱস্থান এতিয়াও জানিব পৰা হোৱা নাই।

কুৰুং কুমে জিলাৰ DC নিঘি বেংগীয়াই News18 ৰ আগত কয় যে, অনুসন্ধান অভিযান তীব্ৰতৰ কৰা হৈছে আৰু যোৱা দেওবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা অডিঅ’ ভইচ মেছেজত কোৱা হৈছিল যে, কুৰুঙ কুমেৰ জিলাৰ হুৰিৰ আৰু ৰুবা গাঁৱৰ মাজত ফুৰাক নদীৰ পাৰত এজন মৃত লোক পাইছে, সেই খবৰটো পোৱাৰ পিছতে উক্ত বাতৰিটো পৰীক্ষা কৰিবলৈ সোমবাৰে চিকিৎসা দলৰ সৈতে এজন কাৰ্যবাহী দণ্ডাধীশ, এজন বিষয়া, আৰু আৰক্ষী বিষয়াক স্থানটো বিচাৰি উলিয়াবলৈ পঠিওৱা হৈছিল যদিও দলটোৱে তাত কোনো মৃত ব্যক্তি পোৱা নাই । তেওঁলোকে তেনেকুৱা কোনো মৃত ব্যক্তি বিচাৰি নাপাই মঙলবাৰে নিশা উভতি আহে।

ভইচ মেছেজ ভাইৰেল কৰা ব্যক্তিজনক ডামিনত থকা চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত স্পষ্টীকৰণ দিবলৈ কোৱা হৈছে আৰু তেওঁৰ হাতত কিবা তথ্য থাকিলে তেওঁ অৱগত কৰিব বুলি জনাইছে। উক্ত ব্যক্তিজনে অনুসন্ধান দলটোৰ সৈতে ভইচ মেছেজত উল্লেখ কৰা ধৰণে নিৰ্দিষ্ট স্থানলৈ যাব আৰু তেওঁ কোৱা ধৰণে মৃত ব্যক্তি দেখা ঠাইখিনি দেখুৱাই দিব ।

ইতিমধ্যেই বৃহস্পতিবাৰে পুৱা কুৰুং কুমেযৰ আৰক্ষী অধীক্ষক অভিমন্যু পোসৱালে, তাৰ লগতে কলৰিয়াং অ'চি জি বাছাৰ আৰু এছ ডি আৰ এফৰ দলটোৱে হুৰীৰ বাবে অনুসন্ধান অভিযান চলাবলৈ আগবাঢ়ি গৈছে ।

DCয়ে লগতে কয় যে তথ্য আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুসন্ধান অভিযান কঢ়িয়াই নিবলৈ অনুসন্ধান অভিযানৰ বাবে এখন হেলিকপ্টাৰৰ প্ৰয়োজন হোৱাত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে ইটানগৰৰ অসামৰিক বিমান পৰিবহণ সচিবলৈ এখন অনুৰোধ পত্ৰ প্ৰেৰণ কৰা হৈছে। লগতে তেওঁ কয়, “মই ভাৰত চৰকাৰৰ পৰাও সহায় বিচাৰিছো আৰু ডয়মুখস্থিত ১২ বিএন এনডিআৰএফৰ কমাণ্ডেণ্টলৈ অনুসন্ধান অভিযানত সহায়ৰ বাবে লিখিছো।”

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বি আৰ অ’ ঠিকাদাৰ তথা এম এছ বি বি এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী বেংগিয়া বাদোৱে কয়,"আব্দুল কুদ্দুছ এজন পৰিচিত ব্যক্তি আৰু তেওঁ মোৰ সৈতে পাঁচ বছৰতকৈ অধিক সময় জড়িত আছিল। তেওঁ মোৰ লগত উপ-ঠিকাদাৰ হিচাপে কাম কৰে আৰু তেওঁ সদায় শ্ৰমিক আনি ছাইটটো পৰিচালনা কৰে, ৰোহাম আলীৰ সন্দৰ্ভত মোৰ কোনো সঠিক তথ্য নাই আৰু তেওঁৰ আব্দুলৰ লগত সম্পৰ্ক থাকিব পাৰে ।”

''সকলো শ্ৰমিক তেওঁলোকে নিজেই পৰিচালনা কৰিছিল, তেওঁলোকৰ দাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ অজুহাতত তেওঁলোকে ছাইট এৰি যোৱা বুলি খবৰ পাইছোঁ ।  মই সেই সময়ত ইটানগৰত আবদ্ধ হৈ আছিলো আৰু কলৰিয়াং-ডামিন-ছাৰলি পথৰ দলং আৰু কালভাৰ্ট ভাঙি যোৱাৰ বাবে ছাইটলৈ যাব পৰা নাছিলো।”

লগতে বাদোয়ে তালাচী অভিযানত আৰক্ষী আৰু প্ৰশাসনক সহযোগিতা কৰি তেওঁলোকৰ সৈতে কথা পাতিবলৈ আব্দুলক নিৰ্দেশ দিয়া বুলি জনায়।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি