মুখ্যপৃষ্ঠা »খবৰ »অসম »'অসমৰ বিধায়ক বিবেকবান, ঘোঁৰা নহয়'- AIUDFৰ ভোট নালাগে কিন্তু কংগ্ৰেছৰ বিধায়কক বিজেপি প্ৰাৰ্থীৰ সপক্ষে ভোট দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

'অসমৰ বিধায়ক বিবেকবান, ঘোঁৰা নহয়'- AIUDFৰ ভোট নালাগে কিন্তু কংগ্ৰেছৰ বিধায়কক বিজেপি প্ৰাৰ্থীৰ সপক্ষে ভোট দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

সোমবাৰে বিধানসভাৰ মজিয়াতে বিৰোধীৰ সমালোচনাক প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে বিধানসভাৰ মজিয়াতে বিৰোধীৰ সমালোচনাক প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে বিধানসভাৰ মজিয়াতে বিৰোধীৰ সমালোচনাক প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
পঞ্চদশ বিধানসভাৰ বাজেট অধিৱেশনৰ আজি পঞ্চমটো দিন। আজিৰ দিনটোত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে বিজেপি মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থীৰ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিপুণ বৰাই। পিছে ৰাজ্যসভা নিৰ্বাচনত ঘোঁৰা কিনা-বেচা কৰাকলৈ আজি বিৰোধীয়ে উত্তাল কৰে অসম বিধানসভাৰ মজিয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ঘৰত উপস্থিত হোৱাক লৈ বিৰোধীয়ে তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীক।

আৰু সোমবাৰে বিধানসভাৰ মজিয়াতে বিৰোধীৰ সমালোচনাক প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'বিজেপি মিত্ৰজোঁটৰ হৈ দুখন মনোনয়ন দাখিল কৰো। ৰাজ্যসভাৰ দুয়োগৰাকী প্ৰাৰ্থী মাটিৰ সন্তান। আমি নিশ্চিত অসম বিধানসভাৰ বিধায়কসকলে ভোট দিব। দুয়োখনতে জয় লাভ কৰিম। ৪৩ বুলি কোৱাটো তৰোৱালৰ আগত থিয় হৈ থকাৰ দৰে কথা। সংখ্যা আছে নে নাই বেলটতহে হ'ব।'

আমাক নালাগে AIUDFৰ ভোটঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি AIUDFৰ বিধায়কসকলক বাদ দি আনসকলো বিধায়ককে বিজেপি প্ৰাৰ্থীৰ পক্ষত ভোট দিবলৈ আহ্বান জনায়। আনকি সকলো বিধায়ককে বিজেপি প্ৰাৰ্থীয়ে হাতত তামোল-পানলৈ ভোট দিবলৈ অনুৰোধ জনাব বুলিও মুখ্যমন্ত্ৰীয়েগৰাকীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'সকলো কংগ্ৰেছ বিধায়কে আমাক ভোট দিয়ক। আমাক AIUDFৰ ভোট নালাগে। টিভিৰ মাধ্যমেৰে, সকলোকে টেলিফোন কৰিও ভোট বিচাৰিম।'

ঘোঁৰা প্ৰকৃততে কোন?

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, 'বিধায়ক এজনে সিদ্ধান্ত ল'ব ৰিপুণ বৰাই কি কি কৰিলে বা নকৰিলে। এয়া যদি কোনোবাই চিন্তা কৰে তেওঁ ঘোঁৰা নেকি? চিন্তা নকৰা-বিবেক নথকা জনহে ঘোঁৰা। অসমৰ বিধায়ক বিবেকবান, ঘোঁৰা নহয়।'

শেহতীয়া বাতৰি