ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পাব বুলি জ্যেষ্ঠ আৰু কনিষ্ঠ বহুকেইজন বিধায়কে আশা পালি বহি আছে ৷ উত্তৰ-পূবৰ ৰাজনীতিৰ চাণক্য হিচাপে খ্যাত ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত স্থান পোৱাৰ সৌভাগ্য পিছে কাৰ কাৰ হ'ব? সেই প্ৰশ্ন বিগত আঠ মাহে চলি আছে ৷ মানে ড° শৰ্মাই মন্ত্ৰীসভা গঠনৰ পিছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ (Expansion of the Cabinet) হ'ব বুলি বিগত আঠটা মাহে চলি আহিছে চৰ্চা ৷ এই চৰ্চা চলিহে আহিছে; কাৰ্যকৰী কৰা নাই মুখ্যমন্ত্ৰীয়ে ৷ পিছে নতুন বছৰৰ পহিলা মাহতে হ'ব বুলিও শাসকীয় মিত্ৰজোঁটত চলিছিল চৰ্চা ৷
কিন্তু শনিবাৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই (Chief Minister Dr° Himanta Biswa Sarma) স্পষ্ট কৰি দিলে এই বিষয়ত চলি অহা চৰ্চা সন্দৰ্ভত ৷ মুখ্যমন্ত্ৰীয়ে কৈয়ে দিলে- “চৰকাৰৰ বৰ্ষপূৰ্তি নোহোৱা পৰ্যন্ত নহয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ মন্ত্ৰীসভাক পৰীক্ষা কৰোঁতে এবছৰ লাগেই ৷ এতিয়া ৰাইজৰ উন্নয়নৰ কামবোৰ কৰি যাব লাগে ৷”
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে- “এতিয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ চৰ্চাৰ সময় নহয়৷ এতিয়া উন্নয়নৰ কথাহে পাতিব লাগে ৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ক'লে পেপাৰত সেইবোৰেই হেডলাইন হৈ থাকিব ৷ মানুহে কাম নকৰা হ'ব৷ মোৰ ওচৰতো মানুহৰ ভিৰ বাঢ়িব ৷ সেয়ে এইবোৰ কথা পাতিব নালাগে ৷”
এয়া মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা ৷ উল্লেখযোগ্য যে ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত কংগ্ৰেছ এৰি BJPত যোগ দি উপ নিৰ্বাচনৰ জৰিয়তে BJPৰ বিধায়ক হোৱা সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীৰ নাম সংযোজন হ'ব বুলি চৰ্চা চলি আছে ৷ লগতে BJPৰ দুজন বিধায়ক, মিত্ৰদল UPPLৰ এজন আৰু AGPৰ এজনে মন্ত্ৰীসভাত স্থান পাব বুলিও চৰ্চা চলিছে ৷ লগতে বৰ্তমানৰ মন্ত্ৰীসভাৰ পৰা দুজনৰ মন্ত্ৰিত্ব বাদ পৰিব বুলিও শাসকীয় দলটোৰ মাজত চৰ্চা চলিছে ৷
এনে সময়তে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়াত বিৰোধী কংগ্ৰেছে কটাক্ষ কৰিছে চৰকাৰক ৷ বিৰোধী কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই ক'লে- “মন্ত্ৰী হম হম বুলি যিসকলে পুৱাই ললিপ'প খাই আছিল, তেওঁলোকলৈ বেয়াই লাগিছে ৷ মন্ত্ৰিত্বৰ দৌৰত থকাসকল হতাশাত ভুগিব এতিয়া ৷ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা নকৰাতোনো কি কথা ৷ সকলো বিভাগ দেখোন মুখ্যমন্ত্ৰীয়েই চম্ভালে ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|