বিজেপি আজি ৫ বছৰ থাকিব, খুব বেছি আৰু ৫ বছৰ থাকিব, তাৰ পিছততো নাথাকে। – শ্বেৰমান
বিজেপি আজি ৫ বছৰ থাকিব, খুব বেছি আৰু ৫ বছৰ থাকিব, তাৰ পিছততো নাথাকে। – শ্বেৰমান
‘মই জীয়াই থকালৈকে বাঘবৰ সমষ্টিত উচ্ছেদ নচলে’ – সমষ্টিবাসীক এই আশ্বাস দিলে শ্বেৰমান আলী আহমেদে। এক অনুষ্ঠানত শ্বেৰমান আলীয়ে উপস্থিত লোকসকলক উদ্দেশ্যি কয়, ‘‘যেতিয়ালৈ মই জীয়াই আছো, আপোনালোকে শান্তিত টোপনি মাৰক। ন’ এভিকশ্য... ন’ এভিকশ্যন ইন বাঘবৰ এলএচি। কোনো ভয় নকৰিব, মই আছো ন, আপোনালোকে ভোট দিছেতো মোক। মই আছো। মই আগতি মৰিম, তাৰ পিছত আপোনালোকৰ কিবা ক্ষতি হ’ব। মই জীয়াই থাকোতে কোনো ক্ষতি হ’ব নিদিওঁ। আপোনালোকে নিশ্চিন্ত থাকক।’’
শ্বেৰমান আলীয়ে আৰু কয়, ‘‘যিসকলে এই খবৰবোৰ নি দিছপুৰত দিয়ে, বিভিন্ন ঠাইত দিয়ে, তেওঁলোকক মই আকৌ এবাৰ কৈছো– আপোনালোকে এইবোৰ নকৰিব। আমি একেলগে ভাই–ককাই হিচাপে ইমানদিন আছো, অনাগত দিনতো থাকিম। বিজেপি আজি ৫ বছৰ থাকিব, খুব বেছি আৰু ৫ বছৰ থাকিব, তাৰ পিছততো নাথাকে। আল্লাই যদি মোক জীয়াই ৰাখে, আজিৰ পৰা আপোনালোকে যদি এইবোৰ কৰে, মই যদি জীয়াই থাকো, কঠোৰতকৈ কঠোৰ প্ৰতিশোধ মই ল’ম। যিসকলে এইবোৰ কৰি আছে তেতিয়া কিন্তু কান্দি কান্দি ৰক্ষা নাপাব। এই কথাখিনিকে আপোনালোকক ক’লো, আপোনালোকে শান্তিত টোপনি মাৰক।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|