ৰাজহ বিভাগৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই পৰিবহণ বিভাগৰ দালালক উৎখাত কৰাৰ সকীয়নি প্ৰদান কৰাৰ সময়তে তৎপৰ হৈ পৰিছে বঙাইগাঁও জিলা পৰিবহণ বিষয়া৷ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে দলাল বা সন্দেহজনক লোকৰ প্ৰৱেশত৷ চৰকাৰী কাৰ্যালয়টোৰ চৌহদত বিভাগৰ লগতে কৰ্মচাৰীৰ যান-বাহনৰ বাবে প্ৰৱেশত বাধা আৰোপ কৰি মূল গেট বন্ধ কৰি দিয়া হৈছে৷
একেদৰে কাৰ্যালয়ত প্ৰৱেশ কৰা প্ৰতিজন লোকৰে নাম -ঠিকনাৰ লগতে বিভাগীয় কাম -কাজৰ সৱিশেষ লিপিৱদ্ধ কৰিহে নিৰাপত্তাৰক্ষীয়ে ভিতৰলৈ প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে৷ অইন লোকৰ কাম-কাজ লৈ কাৰ্যালয়লৈ অহা সন্দেহজনক ব্যক্তিক নিৰাপত্তাৰক্ষীয়ে গে’টৰ পৰা আঁতৰাই পঠোৱা পৰিলক্ষিত হৈছে৷
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বঙাইগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কঠোৰ নীতি–নিৰ্দেশনা বলবৎ কৰা দেখা গৈছে৷ এই সন্দৰ্ভত জিলা পৰিবহণ বিষয়া দীপজ্যোতি নেওগে কয় যে যোৱা ৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৰাজ্যৰ সকলো সকলো জিলা পৰিবহণ বিষয়াৰে হোৱা বৈঠকত দিয়া নিৰ্দেশ কাৰ্যকৰী কৰাৰ কাৰণে বঙাইগাঁৱত ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ চৰকাৰী কাৰ্যালয়টোৰ কৰ্মচাৰীসকলক মধ্যভোগীৰ কাম–কাজ প্ৰশ্ৰয় নিদিয়াৰ বাবে যাৱতীয় নিৰ্দেশনা জাৰি কৰা হৈছে। আনহাতে পৰিবহণ বিভাগৰ যিকোনো কাম লৈ নিজে কাৰ্যালয়লৈ আহিবলৈ জিলাবাসীক বিষয়াজনে অনুৰোধ জনায়৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 28, 2021, 17:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।