হোজাইত শক্তি বিভাগৰ অকৰ্মণ্যতাৰ বাবে বিগত ১২ দিন ধৰি এখন গাঁৱত নাই বিজুলী।হোজাই বিদ্যুৎ উপ সংমণ্ডল কাৰ্যলয়ৰ অধীনস্থ উদয়পুৰ দহঘৰ গাঁৱৰ ট্ৰেন্সফৰ্মাৰটো যোৱা ১২ জুলাইত হৈছিল বিকল। কিন্তু শক্তি বিভাগে ট্ৰেন্সফৰ্মাৰটো মেৰামতি নকৰাত ১২ দিন ধৰি আন্ধাৰত আছে গাঁওখনৰ ১০৭টা পৰিয়াল।
ইপিনে গাঁওবাসীয়ে শক্তি বিভাগৰ লগত যোগাযোগ কৰাত ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰাৰ পূৰ্বে গাঁওবাসীক বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ দিছিল নিৰ্দেশ। সেইমতে অধিকাংশ গাঁওবাসীয়ে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ পিছতো গাঁওখনৰ ট্ৰেন্সফৰ্মাৰ ঠিক নকৰাত অতিষ্ঠ গাঁওবাসীয়ে শুকুৰবাৰে শক্তি বিভাগৰ প্ৰবন্ধকৰ কাৰ্যলয়ত উপস্থিত হৈ গাঁওখনত বিদ্যুৎ যোগান ধৰাৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদী সকলে শক্তি বিভাগ মুর্দাবাদ, শক্তিমন্ত্ৰী মুর্দাবাদ, প্ৰবন্ধক মুর্দাবাদ, আমাক বিদ্যুৎ লাগিবই আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰৱন্ধকৰ কাৰ্যলয় চৌহদ।