১৫ মিনিটৰ ধুমুহাত যোৰহাটত অন্ধকাৰ, তিনিদিন ধৰি বিদ্যুৎ যোগান নথকাত অচলাৱস্থা

২১ অক্টোবৰত প্ৰচণ্ড ধুমুহাই কোবাই গৈছিল যোৰহাট জিলাক। ধুমুহাৰ ফলত বহু পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে প্ৰকাণ্ড গছ বাগৰি পৰাত ব্যাহত হৈ পৰিছিল বিদ্যুৎ যোগান।

News18-Assam
Updated:October 24, 2019, 9:14 AM IST
১৫ মিনিটৰ ধুমুহাত যোৰহাটত অন্ধকাৰ, তিনিদিন ধৰি বিদ্যুৎ যোগান নথকাত অচলাৱস্থা
২১ অক্টোবৰত প্ৰচণ্ড ধুমুহাই কোবাই গৈছিল যোৰহাট জিলাক। ধুমুহাৰ ফলত বহু পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে প্ৰকাণ্ড গছ বাগৰি পৰাত ব্যাহত হৈ পৰিছিল বিদ্যুৎ যোগান।
News18-Assam
Updated: October 24, 2019, 9:14 AM IST
মাত্ৰ ১৫ মিনিটৰ এজাক ধুমুহাই অন্ধকাৰ নমাই আনিছে যোৰহাটৰ বিভিন্ন অঞ্চললৈ। তিনিদিন ধৰি যোৰহাট টাউনকে ধৰি বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ আছে। যাৰ ফলত বিভিন্ন সমস্যাত পৰিছে যোৰহাটবাসী। বিদ্যুৎ নথকাত এতিয়া খোৱাপানীৰ বাবে হাহাকাৰ হৈছে যোৰহাট নগৰত।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালকে ধৰি বিভিন্ন হাস্পতালত দেখা দিছে অচলাৱস্থা। দুৰ্ভোগ ভুগিছে হাস্পতালত চিকিৎসাধীন হৈ থকা ৰোগীসকলে। তিনিদিনে জেনেৰেটৰেৰে চলিছে হাস্পতালসমূহ। ইমানেই নহয়, চাৰ্জ দিব নোৱাৰাৰ ফলত বন্ধ হৈ পৰিছে বহু লোকৰ ম’বাইল ফোন।

উল্লেখযোগ্য যে ২১ অক্টোবৰত প্ৰচণ্ড ধুমুহাই কোবাই গৈছিল যোৰহাট জিলাক। ধুমুহাৰ ফলত বহু পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে প্ৰকাণ্ড গছ বাগৰি পৰাত ব্যাহত হৈ পৰিছিল বিদ্যুৎ যোগান। কিন্তু তিনিদিন উকলি যোৱাৰ পিছতে আজিলৈ শক্তি বিভাগে যোগান ধৰিব পৰা নাই বিদ্যুৎ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি