মুখ্যপৃষ্ঠা » খবৰ

» অসম

»১২ দিন ধৰি নাই বিদ্যুৎ, ৰঙিয়াত শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি শতাধিক মহিলাৰ প্ৰতিবাদ

১২ দিন ধৰি নাই বিদ্যুৎ, ৰঙিয়াত শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি শতাধিক মহিলাৰ প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:September 22, 2021, 2:07 PM IST
১২ দিন ধৰি নাই বিদ্যুৎ, ৰঙিয়াত শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি শতাধিক মহিলাৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে তিতকুৰি অঞ্চলত ১২দিন পূৰ্বে ট্ৰেন্সফৰ্মাৰটো বিকল হৈছিল। তাৰ পিছতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে।

প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে তিতকুৰি অঞ্চলত ১২দিন পূৰ্বে ট্ৰেন্সফৰ্মাৰটো বিকল হৈছিল। তাৰ পিছতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে।

  • News18 Assam
  • Last Updated: September 22, 2021, 2:07 PM IST
  • Share this:
ৰঙিয়াত শতাধিক মহিলাৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰে শক্তি বিভাগৰ কাৰ্যালয়। ১২ দিন ধৰি বিকল ট্ৰেন্সফৰ্মাৰ কাৰ্যক্ষম নকৰাত ৰঙিয়াৰ ২নং বিদ্যুৎ উপ–সংমণ্ডলৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। বিদ্যুৎ উপ–সংমণ্ডল বিষয়াই প্ৰতিবাদী মহিলাসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। ক্ষুব্ধ মহিলা সকলে বিষয়াগৰাকীক কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে তিতকুৰি অঞ্চলত ১২দিন পূৰ্বে ট্ৰেন্সফৰ্মাৰটো বিকল হৈছিল। তাৰ পিছতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে। বিদ্যুতৰ সমস্যাক লৈ অতিষ্ঠ ৰাইজে বিকল ট্ৰেন্সফৰ্মাৰটো কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগটোক বাৰম্বাৰ অনুৰোধ জনায়। কিন্তু কাৰ্যালয়টোৰ ফালৰ পৰা কেইজনমান লোকে আদায় নিদিয়া বিদ্যুতৰ বিল পৰিশোধ কৰিলেহে ট্ৰেন্সফৰ্মাৰ সলনি কৰিব বুলি কয়। আনকি অনাদায় বিল আদায় কৰিবলৈ ৰাইজক দায়িত্ব দিয়ে বিদ্যুৎ বিভাগৰ বিষয়াগৰাকীয়ে।

অঞ্চলটোৰ অধিকাংশ ৰাইজে বিল পৰিশোধ কৰি অহাৰ পিছতো বিভাগটোৰ এনে অদ্ভুত যুক্তি ৰাইজে কোনোপধ্যেই মানি নলয় বুলি স্পষ্ট কৰি দিয়ে। ৰাইজৰ যুক্তি, বিল আদায়ৰ দায়িত্ব বিভাগৰহে, ৰাইজৰ নহয়। এনে এক সমস্যাক লৈ অঞ্চলটোৰ শতাধিক মহিলাই বুধবাৰে কাৰ্যালয়টো ঘেৰাও কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে। শীঘ্ৰে বিকল ট্ৰেন্সফৰ্মাৰটো সলনি কৰি বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায়।
Published by: Sanjay Kumar Das
First published: September 22, 2021, 2:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি