মুখ্যপৃষ্ঠা »খবৰ »অসম »Amit Shah Guwahati Visit: অসমলৈ আহিব অমিত শ্বাহ; কাইলৈ গুৱাহাটীবাসীয়ে মানিব লাগিব এইসমূহ নিয়ম

Amit Shah Guwahati Visit: অসমলৈ আহিব অমিত শ্বাহ; কাইলৈ গুৱাহাটীবাসীয়ে মানিব লাগিব এইসমূহ নিয়ম

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে নিৰাপত্তামূলক কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে।

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে নিৰাপত্তামূলক কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে।

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে নিৰাপত্তামূলক কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে।

  • Share this:
কাইলৈ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব। অসম চৰকাৰৰ ১ লাখ নিযুক্তিৰ লক্ষ্যৰে বৃহস্পতিবাৰে ৪৫ হাজাৰ নিৰ্বাচিত প্ৰাৰ্থীক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে অংশ ল’ব।

গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে নিৰাপত্তামূলক কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ পূৰ্বে কামৰূপ মহানগৰত ন’ ড্ৰোণ ফ্লাই জ’ন (No Drone Fly Zone) ঘোষণা কৰা হৈছে। আজি আৰু কাইলৈৰ বাবে গুৱাহাটীত ন’ ড্ৰোণ ফ্লাই জ’ন থাকিব। এই দুটা দিনত গুৱাহাটীত কোনো লোকে ড্ৰোণ উৰুৱাব নোৱাৰিব। অমিত শ্বাহৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে।

ইয়াৰোপৰি, চহৰখনত পথ নিৰ্দেশনাও জাৰি কৰা হৈছে। মহানগৰ যান–বাহন আৰক্ষীয়ে ইয়াৰ কেইবাটাও পথত নিষেধাজ্ঞা আৰোপ কৰিছে। ২৫ মে’ৰ পুৱা ৭ বজাৰ পৰা নিশা ১১ বাজি ৩০ মিনিটলৈ জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে অন্য বাহন চলাচলত নিষেধাজ্ঞা থাকিব। যান-বাহন শাখাৰ DCPএ এই নিৰ্দেশনা জাৰি কৰিছে।

এই উপলক্ষে নিষেধাজ্ঞা থাকিবলগীয়া পথসমূহ হৈছে–

NH 27, NH 17 ৰাষ্ট্ৰীয় ঘাই পথত পুৱা ৭ বজাৰ পৰা নিশা ১১ বাজি ৩০ মিনিটলৈ লঘু-গধুৰ বাণিজ্যিক বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা থাকিব।

পাঞ্জাবাৰী ৰোড, জি এছ ৰোড, বি বৰুৱা ৰোড, এম জি ৰোড, এ টি ৰোড আৰু ডি জি ৰোডতো পুৱা ৭ বজাৰ পৰা ৰাতি ৯ বজালৈ তিনিচকীয়া আৰু বহুচকীয়া বাণিজ্যিক বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা থাকিব।

শেহতীয়া বাতৰি