হাইলাকান্দিত নিশা আজব ঘটনা। কৰ্তব্যৰত চিকিৎসক আৰু আন চিকিৎসাকৰ্মী নথকাৰ অভিযোগত নিশা হাস্পতালত তলা ওলমালে স্থানীয় জনতাই । হাইলাকান্দি জিলাৰ মোহনপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। দেওবাৰে নিশা হঠাৎ উত্তপ্ত হৈ উঠে হাইলাকান্দি জিলাৰ মোহনপুৰ প্ৰাথমিক হাস্পতাল চৌহদ।
নিশা হাস্পতালত ওচৰতে মটৰ চাইকেল দুৰ্ঘটনাত আহত হোৱা এগৰাকী ব্যক্তিক প্ৰাথমিক চিকিৎসাৰ বাবে এই হাস্পতালখনত লৈ অহাৰ পিছতে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। অভিযোগ অনুসৰি, সেই সময়ত হাস্পতালত কৰ্তব্যৰত অবস্থাত নাছিলে কোনো চিকিৎসক তথা চিকিৎসাকৰ্মী।
ফলত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। ঘটনাৰ খবৰ পাই কিছু সময়ৰ ভিতৰতেই উপস্থিত হয় মোহনপুৰ আৰু আলগাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া। কিন্তু তেওঁলোকেও পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সক্ষম নহয়। একাংশ উত্তেজিত ৰাইজে হাস্পতাল চৌহদত বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে হাস্পতালৰ প্ৰধান প্ৰৱেশ পথত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|