শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহৰ পৰা মাত্ৰ কিছু কিলোমিটাৰ দূৰৈত অৱস্থিত ধীৰেণপাৰা প্ৰাথমিক বিদ্যালয়ৰ দুৰ্দশাৰ যেন অন্ত নাই ! ১৯৫৮ চনত স্থাপন হোৱা ধীৰেণপাৰা প্ৰাথমিক বিদ্যালয়খনে সম্পন্ন কৰিলে ৬১টা বৰ্ষ ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪৬৮গৰাকী হোৱাৰ বিপৰীতে শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা ১২গৰাকী ৷ ২০১৮ বৰ্ষৰ গুণোৎসৱত A গ্ৰেড লাভ কৰা বিদ্যালয়খনত নাই ছাত্ৰ-ছাত্ৰীৰ বাবে নূন্যতমো সা-সুবিধা ৷
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নাই ডেস্ক-বেঞ্চ ৷ ঘৰৰ পৰা বস্তা আনি শ্ৰেণীকোঠাত বহিব লাগে ছাত্ৰ-ছাত্ৰীসকল ৷ ২০১৮ বৰ্ষৰ জুলাই মাহত বিদ্যালয়খনৰ চৌপাশৰ দেৱাল ভাঙি যোৱাৰ পিছৰে পৰা কি ফুটপাথ, কি বিদ্যালয়; সকলো হৈ পৰিছে একাকাৰ ৷
যিসময়ত শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে গুণোৎসৱ; তেনে সময়তে খোদ গুৱাহাটী মহানগৰীত অৱস্থিত চৰকাৰী বিদ্যালয়ৰ এনে অৱস্থাই হতাশ কৰিছে সকলোকে ৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 22, 2019, 16:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।