• Home
  • »
  • News
  • »
  • assam
  • »
  • ONGCৰ অসম সম্পদক অইল ইণ্ডিয়াৰে চামিলকৰণ! নাজিৰাত ৰামেশ্বৰ তেলীয়ে কি ক'লে?

ONGCৰ অসম সম্পদক অইল ইণ্ডিয়াৰে চামিলকৰণ! নাজিৰাত ৰামেশ্বৰ তেলীয়ে কি ক'লে?

 জাতীয় দল–সংগঠনৰ প্ৰতিনিধিয়ে মন্ত্ৰীজনক সাক্ষাৎ কৰি  স্মাৰক–পত্ৰ প্ৰদান কৰে।

জাতীয় দল–সংগঠনৰ প্ৰতিনিধিয়ে মন্ত্ৰীজনক সাক্ষাৎ কৰি  স্মাৰক–পত্ৰ প্ৰদান কৰে।

জাতীয় দল–সংগঠনৰ প্ৰতিনিধিয়ে মন্ত্ৰীজনক সাক্ষাৎ কৰি  স্মাৰক–পত্ৰ প্ৰদান কৰে।

  • Share this:

অ'এনজিচিৰ অসম সম্পদক অইল ইণ্ডিয়াৰ লগত চামিলকৰণৰ কোনো সিদ্ধান্ত এতিয়ালৈকে চূড়ান্ত হোৱা নাই। আজি নাজিৰাত উপস্থিত হৈ এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।


কেইদিন পূৰ্বে অ'এনজিচিৰ নাজিৰা খণ্ড নাথাকিব বুলি সংবাদ মাধ্যমত মন্ত্ৰীজনে প্ৰকাশ কৰাৰ পিছতেই বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছিল। ইফালে আজি পুৱাই অ'এনজিচিৰ অসম সম্পদৰ নাজিৰা মুখ্য কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অ'এনজিচিৰ শীৰ্ষ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হয়।


মন্ত্ৰীজনে অ'এনজিচি নাজিৰা খণ্ড অইলক গতাই দিয়াৰ ক্ষেত্ৰত দিল্লীত এতিয়াও কোনো আলোচনা চলা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।  আনহাতে আজি বহুকেইটা জাতীয় দল–সংগঠনৰ প্ৰতিনিধিয়ে নাজিৰাত মন্ত্ৰীজনক সাক্ষাৎ কৰি  স্মাৰক–পত্ৰযোগে এই সিদ্ধান্ত পুনঃবিবেচনাৰ আহ্বান জনাই৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি