এনেই ভোগালী তাতে আকৌ নিৰ্বাচন! ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত এতিয়া ভিৰ VVIP আৰু মন্ত্ৰী বিধায়কৰ। শাসকীয় দল এতিয়া ব্যস্ত নিজ দলৰ পাৰ্থীক জয়যুক্ত কৰোৱাত। ২০ জানুৱাৰীত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰত এইবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু।
স্থান ১৬ নং বঙালমৰা পূৱ ডিক্ৰং সমষ্টি। সময়তকৈ বহু পলমকৈ আহি উপস্থিত হ'ল মন্ত্ৰী ৰনোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞা।গায়ন বায়নেৰে মন্ত্ৰী বিধায়কক সভালৈ আদৰিছে ঠিকেই আছে, কিন্তু সভাত সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰিলে কোভিড বিধি। নেতা মন্ত্ৰীৰ পৰা সমৰ্থকলৈকে কাৰোৰে মুখত নাই মাস্ক।
মুঠৰ ওপৰত এতিয়া ঠেঙাল কছাৰী নিৰ্বাচনত যেন প্ৰৱেশ নিষেধ কবিড-১৯ৰ! উদেশ্য এটাই জিকাব লাগে নিজ সমৰ্থিত পাৰ্থী।
ইফালে লখিমপুৰত উদ্বেগজনক ভাবে নিতৌ বাঢ়িবলৈ আৰম্ভ কৰিছে কোভিড আক্ৰান্তৰ সংখ্যা৷ জিলা প্ৰশাসনে নিদিয়ে বৃহৎ সভা বা যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি ৷ কিন্তু এই নিয়ম যেন সৰ্বসাধাৰণৰ বাবেহে ৷ যিকি নহওক সাধাৰণ লোকে এতিয়া ক'বলৈ আৰম্ভ কৰিছে, নিৰ্বাচনী সভাত সংক্ৰমণ নহয় কবিড১৯ৰ !
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|