ৰঙিয়া ৰে’ল জংচনত পুণৰ কোৰোণাৰ আতংক, নাই কোনো সতৰ্কতামূলক ব্যৱস্থা!

News18 Assam | News18-Assam
Updated:April 9, 2021, 9:46 AM IST
ৰঙিয়া ৰে’ল জংচনত পুণৰ কোৰোণাৰ আতংক, নাই কোনো সতৰ্কতামূলক ব্যৱস্থা!
প্ৰশাসন অথবা ৰে’ল বিভাগৰ পৰা ৰঙিয়াত বৰ্তমানেও লোৱা হোৱা নাই কোনো পদক্ষেপ।

প্ৰশাসন অথবা ৰে’ল বিভাগৰ পৰা ৰঙিয়াত বৰ্তমানেও লোৱা হোৱা নাই কোনো পদক্ষেপ।

  • Share this:
ৰঙিয়া ৰেল জংচনত পুণৰ কোৰোণাৰ আতংক। দিল্লী, মুম্বাইকে ধৰি দেশৰ কেইবা ঠাইতো কোৰোণাত আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ পিছতে ৰঙিয়া ৰে’ল জংচনত কোৰোণাৰ আতংক। গুৱাহাটী ৰে’ল ষ্টেচন আৰু বিমানবন্দৰত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যদিও ৰঙিয়া ৰে’ল জংচনত কোৰোণাক লৈ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰশাসন অথবা ৰে’ল বিভাগৰ পৰা ৰঙিয়াত বৰ্তমানেও লোৱা হোৱা নাই কোনো পদক্ষেপ। প্ৰতিদিনে ৰঙিয়া ৰেল জংচনত বহিঃৰাজ্যৰ যাত্ৰীসকল আহিছে। যাত্ৰীসকলৰ মাজত নাই শাৰীৰিক দূৰত্ব, অধিকাংশ যাত্ৰীৰ নাই মাস্ক। যাৰ বাবে এতিয়া যাত্ৰীসকলৰ লগতে স্থানীয় লোকসকলৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে।
Published by: Sanjay Kumar Das
First published: April 9, 2021, 9:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি