মুখ্যপৃষ্ঠা »খবৰ »অসম »ভাল দিন আহিলে বঙাইগাঁৱত ! সোমবাৰে এটা দিনৰ বাবে Covid শূন্য হ'ল বঙাইগাঁও...

ভাল দিন আহিলে বঙাইগাঁৱত ! সোমবাৰে এটা দিনৰ বাবে Covid শূন্য হ'ল বঙাইগাঁও...

Covid-19: এটা দিনত ক’ভিড শূন্য হ’ল বঙাইগাঁও ৷ ক'ভিড মুক্তৰ দিশে বঙাইগাও  জিলা ৷ সোমবাৰৰ দিনটোত জিলাখনত ধৰা নপৰিল এটাও Covid Positive Case।

Covid-19: এটা দিনত ক’ভিড শূন্য হ’ল বঙাইগাঁও ৷ ক'ভিড মুক্তৰ দিশে বঙাইগাও  জিলা ৷ সোমবাৰৰ দিনটোত জিলাখনত ধৰা নপৰিল এটাও Covid Positive Case।

  • Share this:
Covid-19: এটা দিনত ক’ভিড শূন্য হ’ল বঙাইগাঁও ৷ ক'ভিড মুক্তৰ দিশে বঙাইগাও  জিলা ৷ সোমবাৰৰ দিনটোত জিলাখনত ধৰা নপৰিল এটাও Covid Positive Case।

ক’ভিড জৰ্জৰিত অসমৰ বাবে  এটা ভাল খবৰ আহিছে ৷ ৰাজ্যৰ ভিতৰত ক’ভিডমুক্ত হোৱাৰ দিশে এখন জিলা ৷ সোমবাৰৰ দিনটোত বঙাইগাঁও   জিলাখনত পজিটিভিটিৰ হাৰ শূন্য শতাংশ ( ০% ) হয়৷ কালি জিলাখনত ৪০০০ গৰাকী লোকক RAT আৰু RTPCR  পৰীক্ষা কৰা হয় ৷ কিন্তু এজনৰো দেহত পোৱা নগ'ল ক'ভিড ৷ জিলাখনত বৰ্তমান ১০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ আছে  বুলি জিলা উপায়ুক্ত ডা: এম এছ লক্ষ্মীপ্ৰিয়াই কয়৷ জিলা খনত বৰ্তমানলৈ ৬৬ %লোকক প্ৰথম পালি ক'ভিড ভেকচিন দিয়া হোৱা বুলি তেওঁ প্ৰকাশ কৰে৷ ইপিনে স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় যে  ক'ভিডৰ বিৰুদ্ধে যুঁজত জিলাখনৰ চিকিৎসকসকল, জিলা প্ৰশাসন আৰু সাধাৰণ ৰাইজৰ কষ্ট তথা সহযোগ প্ৰশংসনীয় ৷ তেওঁ লগতে জিলাখনৰ ৰাইজক ক'ভিডৰ ভেকচিন লবলৈ  চেন্টাৰত স্ব ইচ্ছাই আহিবলৈ অনুৰোধ কৰে আৰু জিলাখন যাতে চিৰস্থায়ীভাবে মুক্ত হব পাৰে তাৰ বাবে ৰাইজক আহ্বান জনায় ৷ বঙাইগাঁৱৰ চোকাপাৰাত জলজীৱন মিচন আঁচনি শুভাৰম্ভ কৰি উপায়ুক্ত ডা° এমএছ লক্ষ্মীপ্ৰিয়া আৰু বিধায়ক ফণীভূষণ চৌধুৰীয়ে জিলাখনত অতি শীঘ্ৰে ভাল দিন আহিব বুলি আশা ব্যক্ত কৰে ৷

শেহতীয়া বাতৰি