‘দুৰ্নীতি নচলিব,কোনো অপৰাধী সাৰি যাব নোৱাৰে’- সকীয়নি মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মিলিত হ'ল অৰ্থনৈতিক পৰামৰ্শদাতা কমিটীৰে বৈঠকত
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মিলিত হ'ল অৰ্থনৈতিক পৰামৰ্শদাতা কমিটীৰে বৈঠকত
- News18 Assam
- Last Updated: May 7, 2020, 8:34 PM IST
‘অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত কমিটীক আমি ৰিপৰ্ট দাখিল কৰিবলৈ কৈছো। পুৱা পঞ্চায়তৰ অধীনৰ প্ৰতিনিধিৰ লগত কথা পাতিছো। পঞ্চায়তৰ কাম-কাজ যাতে নিখুঁত ভাবে হয়, তাৰ প্ৰতি চকু দিবলৈ দিয়া হৈছে। চৰকাৰৰ প্ৰাপ্যৰ পৰা যাতে কোনো বঞ্চিত নহয় তাৰ ওপৰত গুৰুত্ব দিবলৈ চকু দিবলৈ কোৱা হৈছে। প্ৰত্যেক হিতাধিকাৰীয়ে পাব লাগিব প্ৰাপ্য।’ -এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ইয়াৰ উপৰিও,ৰাজ্যত PM কিষাণ যোজনাত হোৱা অনিয়ম সন্দৰ্ভতো আগবঢ়ালে মন্তব্য-
আনহাতে ঘণ্টাজোৰা বৈঠকৰ পিছত আঠজনীয়া অৰ্থনৈতিক কমিটীৰ মন্তব্য ‘মুখ্যমন্ত্ৰীয়ে মূলত কৃষি ভিত্তিক অৰ্থনীতি কেনেকৈ উদ্ধাৰ কৰিব পৰি যায় তাৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিছে ৷ ২০ দিনৰ ভিতৰত প্ৰতিবেদন জমা দিম ৷ কৃষি,মীন এইবোৰক লৈ চৰকাৰে আৰোপ কৰা গুৰুত্ব ইতিবাচক ৷’—সুভাষ দাস