মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Congress : "আগে আগে দেখো হৌতা হে কিয়া"- কিয় ক'লে ৰকিবুলে, সাংবাদিকক কি ইংগিত দিলে ৰকিবুল হুছেইনে

Assam Congress : "আগে আগে দেখো হৌতা হে কিয়া"- কিয় ক'লে ৰকিবুলে, সাংবাদিকক কি ইংগিত দিলে ৰকিবুল হুছেইনে

News18 Assam | News18-Assam
Updated:August 17, 2021, 9:47 PM IST
Assam Congress :
অজাপ (AJP)ৰ সৈতে উপনিৰ্বাচন (By Election)ত কংগ্ৰেছ (Congress)ৰ মিত্ৰতা হোৱাৰ কথা নাকচ নকৰিলে কংগ্ৰেছ নেতৃত্বই।

অজাপ (AJP)ৰ সৈতে উপনিৰ্বাচন (By Election)ত কংগ্ৰেছ (Congress)ৰ মিত্ৰতা হোৱাৰ কথা নাকচ নকৰিলে কংগ্ৰেছ নেতৃত্বই।

  • Share this:
অজাপ (AJP)ৰ সৈতে উপ-নিৰ্বাচন (By Election)ত কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভক কংগ্ৰেছ (Congress)ৰ সাংসদ গৌৰৱ গগৈক সাংবাদিকে প্ৰশ্ন সোধাৰ লগে লগে ৰকিবুলে ক'লে-"আগে আগে দেখো হৌতা হে কিয়া?"

আজি নগাঁৱৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল হুছেইনে (Rakibul Hussain)এক সংবাদমেলৰ আয়োজন কৰিছিল। এই সংবাদমেলত কংগ্ৰেছ নেতৃত্বক সাংবাদিকে অজাপ আৰু কংগ্ৰেছৰ মাজত উপনিৰ্বাচনত মিত্ৰতা হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰকিবুল হুছেইনে এই মন্তব্য কৰে।

উল্লেখযোগ্য যে, ৰাইজৰ দল (Raijor Dal)ৰ সৈতে কংগ্ৰেছৰ ব্যৱধান বৃদ্ধি পালেও শেহতীয়া ভাৱে অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছে মিত্ৰতা সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰতে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনে এই কৌশলী মন্তব্য প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণ ভাৱে সংবাদমেলত উপস্থিত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবৰ্গই এই সম্ভাৱনাক অস্বীকাৰ কৰাৰ পৰাও বিৰত থাকে।

আনহাতে, অখিল গগৈ (Akhil Gogoi)য়ে কংগ্ৰেছৰ বিৰোধিতা কৰা সন্দৰ্ভতো কোনো উত্তৰ দিয়া দেখা ন'গল কংগ্ৰেছ নেতৃত্বক। আজিৰ সংবাদমেলত সাংসদ প্ৰদ্যুৎ বৰদলৈ (Pradyut Bardoloi)য়ে কংগ্ৰেছক তৃণমূল পৰ্য্যায়ৰ পৰা শক্তিশালী কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ ওচৰত মত ব্যক্ত কৰে। ইপিনৰ বিগত বিধানসভা নিৰ্বাচনত নগাঁৱৰ ৮খন আসনৰ ভিতৰত ৫খনতে মহাজোটক জয়ী কৰোৱাৰ বাবে নগাঁৱৰ ৰাইজক পুনৰ ধন্যবাদ জ্ঞাপন কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।
Published by: Manjumoni Borah
First published: August 17, 2021, 9:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি