• Home
  • »
  • News
  • »
  • assam
  • »
  • দীপাৱলীত নিষিদ্ধ হ’ল ফটকা বিক্ৰী আৰু ব্যৱহাৰ, কোৰোণা ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ছিকিম চৰকাৰৰ সিদ্ধান্ত

দীপাৱলীত নিষিদ্ধ হ’ল ফটকা বিক্ৰী আৰু ব্যৱহাৰ, কোৰোণা ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ছিকিম চৰকাৰৰ সিদ্ধান্ত

দীপাৱলী উদযাপনৰ বাবে এইবাৰ বহু কেইখন ৰাজ্যই জাৰি কৰিছে কেত বোৰ নীতি-নিৰ্দেশনা।

দীপাৱলী উদযাপনৰ বাবে এইবাৰ বহু কেইখন ৰাজ্যই জাৰি কৰিছে কেত বোৰ নীতি-নিৰ্দেশনা।

দীপাৱলী উদযাপনৰ বাবে এইবাৰ বহু কেইখন ৰাজ্যই জাৰি কৰিছে কেত বোৰ নীতি-নিৰ্দেশনা।

  • Share this:
এইবাৰ দীপাৱলী আগতকৈ কিছু পৃথক হ’ব। দেশত কোৰোণাৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে দীপাৱলী উদযাপনৰ বাবে এইবাৰ বহু কেইখন ৰাজ্যই জাৰি কৰিছে কেত বোৰ নীতি-নিৰ্দেশনা। কোৰোণাৰ ৰোগীৰ স্বাস্থ্য আৰু বায়ু প্ৰদূষণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ছিকিম চৰকাৰে এইবাৰ দীপাৱলীত নিষিদ্ধ কৰিছে ফটকা বিক্ৰী আৰু ব্যৱহাৰ।



ইয়াৰ পূৰ্বে উৰিষ্যা আৰু ৰাজস্থান চৰকাৰে লৈছিল দীপাৱলীত ফটকা বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত। কোৰোণাত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অহা ১০ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত উৰিষ্যাত ফটকা, আটচবাজী ফুটোৱা বা বিক্ৰী কৰা নিষিদ্ধ ঘোষণা কৰিছে চৰকাৰে। আনহাতে উৰিষ্যা চৰকাৰে এইবাৰ দীপাৱলীত কেৱল মাটিৰ চাকি আৰু মমবাতি জ্বলাবলৈ আহ্বান জনাইছে। আনহাতে ৰাজস্থান চৰকাৰেও লৈছে অনুৰূপ সিদ্ধান্ত। দীপাৱলীত এইবাৰ ফটকা বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে ৰাজস্থান চৰকাৰেও।
একেদৰে পশ্চিম বংগ , হাৰিয়ানা আৰু দিল্লী চৰকাৰেও দীপাৱলীত এইবাৰ ফটকা ব্যৱহাৰ নিষিদ্ধ কৰিছে।
Published by:Himangshu Bhuyan
First published: