ডিব্ৰুগড়ৰ এটা ভাইৰেল ভিডিঅ'ই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভিডিঅ'টোত আশ্চৰ্যজনকভাৱে দেখা গৈছে বন্দুকৰ নলীৰে গুলী নহয়, টকা ওলাইছে। বন্দুকৰ নলীৰ পৰা ইখনৰ পিছত সিখনকৈ পাঁচশ টকা ওলাই থকা দেখা গৈছে। এনেদৰে উদ্ধাৰ হৈছে কেইবাহাজাৰ টকা।
এই আচৰিত ঘটনাটোৰ কাৰণ কোনো অত্যাধুনিক প্ৰযুক্তি নহয়, অত্যাধুনিক চুৰি কৌশলহে। ডিব্ৰুগড়ত বেংকৰ পৰা এ টি এমত টকা ভৰোৱাৰ দায়িত্বত থকা ছিকিউৰিটী গাৰ্ডৰ বন্দুকত সংঘটিত হৈছে এই ঘটনা। এটা ব্যক্তিগত কোম্পানীৰ ছিকিউৰিটীৰ দায়িত্বত থকা যুৱকজনে বহু দিনৰে এনে কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ উঠিছে। অৱশ্যে ডিব্ৰুগড় আৰক্ষীয়ে কোনো অভিযোগ পোৱা নাই বুলি জানিবলৈ দিছে।
কিন্তু প্ৰতিদিনে এটিএমত ধন ভৰাবলৈ যাওঁতে ধন হ্ৰাস হোৱা ঘটনাই সন্দেহ সৃষ্টি কৰিছিল কোম্পানীটোৰ মাজত। শেষত বহু বিচাৰ–খোঁচাৰ কৰাৰ পিছত ওলাল উৰহীৰ ওৰ। এটিএমত ধন ভৰাবলৈ যাওঁতে লগত যোৱা বন্দুকধাৰী ছিকিউৰিটী গাৰ্ডে দৈনিক বন্দুকৰ বেৰেলেৰে কৌশলেৰে ধন হৰলুকী কৰিছিল।
বেংক কৰ্তৃপক্ষই ছিকিউৰিটী গাৰ্ডজনৰ পৰা দুই নলীৰ বন্দুকটো পৰীক্ষা কৰাত প্ৰত্যক্ষ কৰে টকা। পিছত এই টকাই উলিয়ালে বন্দুকৰ নলীৰ পৰা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|