গোলাঘাট জিলাৰ সৰুপথাৰৰ টেঙানিত সংঘটিত হ’ল এক কৰুণ ঘটনা। চিকিৎসালয়লৈ নি থকাৰ অৱস্থাত ধনশিৰি নদীৰ বুকুত এখন নাঁৱৰ ওপৰতে চটফটাই মৃত্যুক সাৱটিলে এজন ব্যক্তিয়ে। ঔগুৰি আলিছিগা পাৰঘাটত এখন পকী দলঙৰ অভাব আৰু এটা জৰাজীৰ্ণ পথৰ বাবে সময় মতে চিকিৎসালয়লৈ নিব নোৱাৰাত ঠগিৰাম বৰি নামৰ ৩৮ বছৰীয়া ব্যক্তিজনে সাৱটিবলগীয়া হ’ল মৃত্যুক।
মৃত লোকজন বিগত দুদিনধৰি জ্বৰ, কাঁহ আৰু পেট বিষত ভুগি আছিল। বৃহস্পতিবাৰে পৰিয়ালৰ লোকে তেওঁক চিকিৎসাৰ বাবে নিছিল গোলাঘাটলৈ। কিন্তু চিকিৎসাৰ অন্তত ৰোগী গৰাকীক ঘৰলৈ লৈ যাবলৈ দিয়ে চিকিৎসকে। কিন্তু ঘৰলৈ আহিয়েই পুনৰ ৰোগী গৰাকী অত্যাধিক জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হয়। লগে লগে পৰিয়ালৰ লোকে ঠগিৰাম বৰি নামৰ লোকজনক গোলাঘাট চিকিৎসালয়লৈ নিয়াৰ বাবে ১০৮ৰ সৈতে যোগাযোগ কৰে।
কিন্তু ধনশিৰি নদীৰ ওপৰত দলঙ নথকাত আলিছিগা পাৰঘাটৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ৰোগী গৰাকীক আনিবলৈ কয় ১০৮ কৰ্তৃপক্ষই। পিছত নাঁৱেৰে ধনশিৰি নদী পাৰ হওঁতেই অধিক জটিল হৈ পৰে ৰেগী জনৰ শাৰীৰিক অৱস্থা। নদী পাৰ হৈ ১০৮ সেৱাৰ কাৰণে অপেক্ষা কৰি থকোতেই ৩৯নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত চটফটাই কৰুণভাৱে মৃত্যুক সাৱটি লয় ঠগিৰাম বৰি নামৰ লোকজনে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 07, 2020, 16:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।