কেতিয়া হ’ব ‘মডেল বিটিচি’? দলং নাই, একঁকাল পানীৰে নৈ পাৰ হ’ব লাগে ৰাইজে

স্বাধীনতাৰ ৭ দশক পিছতো আজিও ৰাইজে দেখা নাপালে এখন দলং। যাৰ ফলত একঁকাল পানীত নামি নৈ পাৰ হ’বলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে।

News18-Assam
Updated:August 26, 2019, 1:09 PM IST
কেতিয়া হ’ব ‘মডেল বিটিচি’? দলং নাই, একঁকাল পানীৰে নৈ পাৰ হ’ব লাগে ৰাইজে
স্বাধীনতাৰ ৭ দশক পিছতো আজিও ৰাইজে দেখা নাপালে এখন দলং। যাৰ ফলত একঁকাল পানীত নামি নৈ পাৰ হ’বলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে।
News18-Assam
Updated: August 26, 2019, 1:09 PM IST
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সময়ত বিভিন্ন ঠাইত বিটিচিৰ উন্নয়নৰ কথা কৈ আহিছে। বিটিচিত বিভিন্ন চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ কথা কৈ আহিছে হাগ্ৰামা মহিলাৰীয়ে। কিন্তু হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰেই উন্নয়ন হেছেনে বিটিচিৰ? বিটিচিক ‘মডেল বিটিচি’ হিচাপে গঢ়ি তুলিম বুলি কোৱা হাগ্ৰামা মহিলাৰীয়ে কিমান উন্নতি সাধিছে প্ৰকৃততে? বাক্সা জিলাৰ এখন ঠাইৰ যাতায়াতৰ দুৰ্দশাই এনেবোৰ প্ৰশ্নৰে অৱতাৰণা কৰিছে।

বাক্সা জিলাৰ খৈৰাণীত পাগলাদিয়া নৈৰ ওপৰত আজিলৈ নিৰ্মাণ নহ’ল এখন দলং। স্বাধীনতাৰ ৭ দশক পিছতো আজিও ৰাইজে দেখা নাপালে এখন দলং। যাৰ ফলত একঁকাল পানীত নামি নৈ পাৰ হ’বলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। বাৰিষা হ’লে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে যাতায়াত।

কুমাৰীকাটাৰ পৰা এই জালাহ পথেৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা–যোৱা কৰে মুছলপুৰলৈ। কিন্তু গুৰুত্বপূৰ্ণ এই পথটোত পাগলাদিয়া নৈত আজিকোপতি নিৰ্মাণ নহ’ল এখন দলং। এয়া এক উদাহৰণহে মাথোঁ। বাক্সা জিলাখনত এনে বহু ঠাই আছে, যিসমূহ ঠাইৰে বৈ যোৱা নৈৰ ওপৰত আজিলৈ নিৰ্মাণ হোৱা নাই দলং।

এই দৃশ্য বাক্সা জিলাৰ খৈৰানীৰ। আজিকোপতি পাগলাদিয়া নৈৰ ওপৰত নিৰ্মাণ নহ’ল এখন দলং :

আৰু চাওক পৰৱৰ্তী বাতৰি