• Home
  • »
  • News
  • »
  • assam
  • »
  • ১৫ আগষ্টৰ পিছত ২৬ জানুৱাৰীতো বন্ধ প্ৰত্যাহাৰ ULFA-Iৰ, মুখ্যমন্ত্ৰীয়ে জনালে আদৰণি

১৫ আগষ্টৰ পিছত ২৬ জানুৱাৰীতো বন্ধ প্ৰত্যাহাৰ ULFA-Iৰ, মুখ্যমন্ত্ৰীয়ে জনালে আদৰণি

স্বাধীনতা দিৱসৰ পিছত গণৰাজ্য দিৱসৰ দিনটোত পূৰ্বৰে পৰা দি অহা বন্ধৰ কাৰ্যসূচী এইবাৰ দিয়া নাই পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে ৷

  • Share this:
স্বাধীনতা দিৱসৰ পিছত গণৰাজ্য দিৱসৰ দিনটোত পূৰ্বৰে পৰা দি অহা বন্ধৰ কাৰ্যসূচী এইবাৰ দিয়া নাই পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে ৷ অতিমাৰী কোভিডৰ বাবে সশস্ত্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ লগতে বন্ধৰ কাৰ্যসূচী ঘোষণা কৰাৰ পৰা বিৰত আছে আলফা স্বাধীন ৷ একপক্ষীয় যুদ্ধবিৰতিত থকা আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনক অৰ্থপূৰ্ণ আলোচনাৰ বাবে আহ্বান জনায় ৷

এটা সময় আছিল ৷ যি সময়ত ১৫ আগষ্টৰ স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনটোত সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফাই কৰা নাছিল সশস্ত্ৰ প্ৰতিবাদ ৷ বৰ্জন কৰিছিল গণৰাজ্য দিৱস অথবা স্বাধীনতা দিৱস ৷

কিন্তু সময় এতিয়া সলনি হৈছে ৷ মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা সলনি হৈছে পৰিৱেশ ৷ এতিয়া শান্তি আৰু অৰ্থপূৰ্ণ আলোচনাৰ পৰিৱেশ ৷ তিনিমহীয়া যুদ্ধবিৰতি প্ৰথমে ঘোষণা কৰি এই পৰ্যন্ত দুবাৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে ৷ লগতে বিগত ১৫ আগষ্টৰ স্বাধীনতা দিৱসতো পৰেশ বৰুৱাই কোনো সশস্ত্ৰ প্ৰতিবাদী কাৰ্যসূচী আৰু বৰ্জন কৰা নাছিল ৷
Published by:Himangshu Bhuyan
First published: