মুখ্যপৃষ্ঠা »খবৰ »অসম »বিদ্যালয়ত নাই শিক্ষক! চৰকাৰে নহয়, এইবাৰ চৰকাৰী বিদ্যালয়ত শিক্ষক নিযুক্তি দিছে নিখিল বড়ো ছাত্ৰ সন্থাই

বিদ্যালয়ত নাই শিক্ষক! চৰকাৰে নহয়, এইবাৰ চৰকাৰী বিদ্যালয়ত শিক্ষক নিযুক্তি দিছে নিখিল বড়ো ছাত্ৰ সন্থাই

বড়ো মাধ্যমক মাহী আইৰ চকুৰে চাই আছে অসম চৰকাৰে ৷ চমক সৃষ্টি কৰি মেগা নিযুক্তি  মেলাৰ জৰিয়তে হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে যদিও বহু বড়ো মাধ্যমৰ বিদ্যালয় এতিয়াও শিক্ষক শূন্য হৈ আছে - এবছুৰ সভাপতি দ্বীপেন বড়ো 

বড়ো মাধ্যমক মাহী আইৰ চকুৰে চাই আছে অসম চৰকাৰে ৷ চমক সৃষ্টি কৰি মেগা নিযুক্তি  মেলাৰ জৰিয়তে হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে যদিও বহু বড়ো মাধ্যমৰ বিদ্যালয় এতিয়াও শিক্ষক শূন্য হৈ আছে - এবছুৰ সভাপতি দ্বীপেন বড়ো 

বড়ো মাধ্যমক মাহী আইৰ চকুৰে চাই আছে অসম চৰকাৰে ৷ চমক সৃষ্টি কৰি মেগা নিযুক্তি  মেলাৰ জৰিয়তে হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে যদিও বহু বড়ো মাধ্যমৰ বিদ্যালয় এতিয়াও শিক্ষক শূন্য হৈ আছে - এবছুৰ সভাপতি দ্বীপেন বড়ো 

  • Share this:
'বড়ো মাধ্যমক মাহী আইৰ চকুৰে চাই আছে অসম চৰকাৰে ! চমক সৃষ্টি কৰি মেগা নিযুক্তি  মেলাৰ জৰিয়তে হাজাৰ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে যদিও বহু বড়ো মাধ্যমৰ বিদ্যালয় শিক্ষক শূন্য হৈ আছে ৷ চৰকাৰে ডাঙৰ ডাঙৰ কাম কৰিছে তাত আমাৰ কব লগা একো নাই। কিন্তু শিক্ষক  নথকা বিদ্যালয়ত সমূহৰ প্ৰতিও অলপ চকু দিব লাগে ৷'-বিশ্বনাথ জিলাৰ দেলাইশ্ৰীৰ "ৰমৈয়ী ৰমৈয়ী"  প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে ৷

সভাপতি দ্বীপেন বড়োৱে লগতে কয় যে, চৰকাৰে গুণোৎসৱ পাতিছে, টেটৰ জৰিয়তে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক নিযুক্তি দিছে যদিও বাস্তৱত এতিয়াও শিক্ষক বিহীন চৰকাৰী বিদ্যালয় চলি আছে ৰাজ্যত ৷  বহু প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষকে এশৰো অধিক ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিবলগীয়া হৈছে ৷ উজনিয়েই হওক নামনিয়েই হওক  অসমীয়াই হওক বা বড়ো মাধ্যমৰ বিদ্যালয়তেই হওক চৰকাৰে শিক্ষকৰ অভাৱ পূৰণ কৰিব পৰা নাই ৷ শিশু সকলক  মৌলিক অধিকাৰৰ পৰা  বঞ্চিত কৰিছে চৰকাৰে ৷ নিখিল বড়ো ছাত্ৰ সন্থাই চৰকাৰে দায়বদ্ধতা পালন নকৰাৰ পৰিপেক্ষিতত এইবাৰ নিজৰ মাতৃভাষা চহকী কৰাৰ উদ্দেশ্য পদক্ষেপ হাতত লবলৈ বাধ্য হৈছে ৷ নিখিল বড়ো ছাত্ৰ সন্থাই শিক্ষক নথকা আৰু এজনীয়া শিক্ষকৰে চলা  ৰাজ্যৰ এহেজাৰ  বিদ্যালয়ত নিজাববীয়াকৈ অস্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিছে ৷

ইতিমধ্যে ৰাজ্যৰ ছখন জিলাত চলি আছে এই অস্থায়ী শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ৷ বিনা বেতনৰে শিক্ষিত বড়ো যুৱক-যুৱতীয়ে শিক্ষাদান কৰিবলৈ আগবাঢ়ি আহিছে বিদ্যালয় সমূহত ৷ শিক্ষকৰ অভাৱৰ বাবে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা শিশু সকলক শিক্ষাদানৰ বাবে আগবাঢ়ি আহিছে বড়ো যুৱক-যুৱতী সকল ৷ যেতিয়ালৈকে চৰকাৰে বিদ্যালয় সমূহত শিক্ষক নিযুক্তি নিদিয়ে তেতিয়ালৈকে এবছুৱে নিযুক্তি দিয়া শিক্ষক সকলে চলাব পাঠদান ৷

আনহাতে ৰাজ্যৰ বড়ো মাধ্যমৰ বিদ্যালয় সমূহৰ অৱস্থা পুতৌজনক ৷ দীৰ্ঘদিন ধৰি বড়ো মাধ্যমৰ বহু বিদ্যালয়ত কৰবাত শিক্ষক শূন্য আৰু আন কৰবাত আকৌ এজনীয়া শিক্ষকৰে পাঠদান চলি আহিছে৷ চৰকাৰে বিদ্যালয় দিছে , মধ্যাহ্ন ভোজন দিছে, পাঠ্যপুথি দিছে কিন্তু যথেষ্ট ছাত্ৰ-ছাত্ৰী থকা বড়ো মাধ্যমৰ বিদ্যালয় সমূহত এজনীয়া শিক্ষক আছে কৰবাত আকৌ শিক্ষক শূন্যৰে চলি আহিছে পাঠদান ।

বড়ো মাধ্যমৰ বিদ্যালয় সমূহৰ শিক্ষা ব্যৱস্থাকলৈ ৰাজ্যৰ শিক্ষা বিভাগটোৱে দীৰ্ঘদিনৰ পৰা ল'ৰা ধেমালী কৰা বিষয়টোৰ সন্দৰ্ভত নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ই বাৰে বাৰে শিক্ষা বিভাগ আৰু চৰকাৰ খনক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই অহাৰ পিছতো আজিকোপতি সুফল নাপালে ৷ যাৰ পৰিপেক্ষিত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ই  বড়ো মাধ্যমৰ পুতৌজনক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এক যোগাত্মক পদক্ষেপ গ্ৰহন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

বড়ো মাধ্যমৰ এজনীয়া শিক্ষক আৰু শিক্ষক শূন্যৰে চলি থকা  বিদ্যালয়সমূহত  অস্থায়ী ভাৱে শিক্ষক দিয়াৰ এক ইতিবাচক পদক্ষেপ ৰূপায়ন কৰিছে৷ এই উদ্দেশ্য বিশ্বনাথ জিলাৰ ডেলাইশ্ৰী ৰ  "ৰমৈয়ী ৰমৈয়ী"  প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এবছুৰ উদ্যোগত বড়ো মাধ্যমৰ বিদ্যালয়ত অস্থায়ী শিক্ষক নিযুক্তি দিয়া এক কাৰ্যসূচী শুভ উদ্বোধন কৰে এবছুৰ কেন্দ্ৰীয়  সভাপতি দ্বীপেন বড়োৱে ৷ এবছুৰ সভাপতি দ্বীপেন বড়োয়ে অস্থায়ী শিক্ষক সকলৰ হাতত নিযুক্তি পত্ৰ  অৰ্পণ কৰে । অনুষ্ঠানত লগতে উপস্থিত থাকে এবছুৰ সম্পাদক  খনিন্দ্ৰ বসুমতাৰী ৷  ইফালে বিশ্বনাথ জিলাৰ ৪ খন বিদ্যালয়ত এজনো শিক্ষক নথকাৰ বিপৰীতে ৩৬ খন বিদ্যালয় এজনীয়া শিক্ষকৰে চলি আছে পাঠদান ৷ এই বিদ্যালয় সমূহত আছে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে যদিও ৰাজ্যৰ শিক্ষা বিভাগে পূৰণ কৰিব পৰা নাই শিক্ষকৰ অভাৱ৷

শেহতীয়া বাতৰি