২৩ বছৰে ভোগালী বিহু পালন নকৰা এখন গাঁও, ভোগালী বিহু তেওঁলোকৰ বাবে যেন অভিশাপ!

সেই বিভীষিকাময় দিনটোৰ পিছৰে পৰা গাঁওবাসীয়ে আজিলৈকে ভোগালী বিহু পালন কৰা নাই।
সেই বিভীষিকাময় দিনটোৰ পিছৰে পৰা গাঁওবাসীয়ে আজিলৈকে ভোগালী বিহু পালন কৰা নাই।
- News18 Assam
- Last Updated: January 12, 2021, 9:41 AM IST
ৰঙিয়াৰ কেকেৰীকুছি গাঁৱত আজিৰ পৰা ২৩ বছৰ পূৰ্বে ১৯৯৮ চনৰ ১৩ জানুৱাৰীত মাঘ বিহুৰ উৰুকাৰ নিশা ৮.১০ মান বজাত অস্ত্ৰধাৰী বড়ো উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত শিশু মহিলা সহ ১৭ জনকৈ নিৰীহ লোক নিহত হৈছিল। সেই বিভীষিকাময় দিনটোৰ পিছৰে পৰা গাঁওবাসীয়ে আজিলৈকে ভোগালী বিহু পালন কৰা নাই। এই দিনটোতে অঞ্চলটোৰ ৰাইজে হত্যাকাৰী নিপাত যোৱাৰ উদ্দেশ্যে সমাধিস্থলীত এহেজাৰ চাকি জ্বলোৱাৰ লগতে নাম–কীৰ্তন অনুস্থিত কৰি আহিছে। এই পবিত্ৰ দিনটোত গাঁওবাসীয়ে আনন্দত আত্মাহাৰা হোৱাৰ পৰিৱৰ্তে শোক পালন কৰি আহিছে।
এই দিনটো আহি পোৱাৰ লগে লগে ৰাইজৰ মাজত সেই আতংকময় ভয়াৱহ দিনটোৰ স্মৃতিয়ে চকুলো টুকিবলৈ বাধ্য কৰায়। উল্লেখযোগ্য যে মাঘ বিহুৰ উৰুকাৰ নিশা কেকেৰীকুছি গাঁৱৰ ৰাইজে ভোজ–ভাতৰ প্ৰস্তুতি চলাই থকাৰ সময়তে হাতে হাতে মাৰণাস্ত্ৰ লৈ কেইজনমান উগ্ৰপন্থীয়ে জধে–মধে গুলীচালনা কৰিছিল। এই গুলীচালনাত চাৰিটা পৰিয়ালৰ মুঠ ১৭জন লোকে কৰুণভাৱে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।