‘‘বিজেপি চৰকাৰৰ দিনত ৰাজ্যত এজনো ভিক্ষাৰী নোহোৱা হ’ল। আগতে ভিক্ষাৰী গাঁৱত ভিক্ষা খুজি ঘূৰি ফুৰিছিল, কিন্তু এইখন চৰকাৰৰ দিনত ভিক্ষা খুজি গাঁৱলৈ অহা ভিক্ষাৰী মই দেখা নাই। এইটো আমাৰ ৰাজ্যখনৰ কাৰণে ডাঙৰ কথা।’’ – কলিয়াবৰত এক অনুষ্ঠানত এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
মন্ত্ৰীগৰাকীয়ে কয়, এটকা নিদিয়াকৈ ৰাইজক বিনামূলীয়া চাউল যোগান ধৰিছে এইখন চৰকাৰে। গতিকে ৰাস্তাই-পদূলিয়ে ক’তো ভিক্ষাৰী নাই। এইটো এটা ডাঙৰ পৰিৱৰ্তন। এই পৰিৱৰ্তন এই চৰকাৰৰ দিনত হৈছে।
শনিবাৰে কলিয়াবৰৰ মিছা মিলন সংঘত অনুষ্ঠিত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি শুভাৰম্ভ অনুষ্ঠানত এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
ইফালে অনুষ্ঠানত কলিয়াবৰ উন্নয়ন খণ্ডৰ তিনি হাজাৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনত তিনি হাজাৰৰো অধিক মহিলাক চেক প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
মাইক্ৰফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাসকল ঋণ মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰায় ১২ হাজাৰ কোটি টকা ধন পৰিশোধ কৰিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই।
লগতে এইবাৰ হাজাৰ কোটি টকা প্ৰদান কৰোতে ৰাজ্যখনৰ আন উন্নয়নমুলক কামবোৰ কৰোতে কিছু পলম হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কাৰণ এই বাৰ হাজাৰ কোটি টকাটো ৰাইজৰ উন্নয়নৰে টকা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|