শুকুৰবাৰে দিল্লী আৰক্ষীয়ে উত্তৰ-পূব দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ অন্যতম অভিযুক্ত দেবাংগনা কলিতাৰ জামিন আবেদনৰ শুনানিত এই কথা উল্লেখ কৰে।
শুকুৰবাৰে দিল্লী আৰক্ষীয়ে উত্তৰ-পূব দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ অন্যতম অভিযুক্ত দেবাংগনা কলিতাৰ জামিন আবেদনৰ শুনানিত এই কথা উল্লেখ কৰে।
দেবাংগনা কলিতাই প্ৰতিবাদকাৰীক প্ৰৰোচিত কৰাৰ কোনো অডিঅ’, ভিডিঅ’ নাই দিল্লী আৰক্ষীৰ হাতত। এই কথা দিল্লী উচ্চ ন্যায়ালয়ক জনাইছে চৰকাৰী পক্ষৰ অধিবক্তাই । শুকুৰবাৰে দিল্লী আৰক্ষীৰ হৈ অধিবক্তা এচ ভি ৰাজুৱে উত্তৰ-পূব দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ অন্যতম অভিযুক্ত দেবাংগনা কলিতাৰ জামিন আবেদনৰ শুনানিত এই কথা উল্লেখ কৰে।
ন্যায়াধীশ সুৰেশ কেইটে জানিব বিচাৰিছিল যে, দেবাংগনাই প্ৰতিবাদকাৰীক এনে কি কথা কলে যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হ’ল? দিল্লী আৰক্ষীৰ অধিবক্তা ASG এচ ভি ৰাজুৱে তেতিয়া কয় – ‘তেনে কোনো অডিঅ’, ভিডিঅ’ নাই আৰক্ষীৰ হাতত নাই। কিন্তু তেওঁ দাবী কৰে যে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীগৰাকীয়ে ১০ হাজাৰ প্ৰতিবাদকাৰীৰ সন্মুখত প্ৰৰোচনা মূলক ভাষণ প্ৰদান কৰিছিল যি এজন কৰ্তব্যৰত আৰক্ষীয়ে শুনিছিল কিন্তু ৰেকৰ্ড কৰিব নোৱাৰিলে। তেওঁ লগতে দাবী কৰে, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ত দেশৰ গৰিমা ম্লান কৰিবলৈ এইয়া সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল।
দেবাংগনাক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কয় – ‘গৱেষক ছাত্ৰী গৰাকীয়ে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল়।’ ইতিমধ্যে আন দুটা গোচৰত দেবাংগনাই জামিন লাভ কৰিছে বুলিও আদালতক জানিবলৈ দিয়ে অধিবক্তাগৰাকীয়ে। দিল্লী উচ্চ ন্যায়ালয়ে দেবাংগনা কলিতাৰ জামিন আবেদনৰ শুনানি সমাপ্ত কৰি ৰায়দান সংৰক্ষিত কৰি ৰাখিছে। আৰু সোমবাৰে ৰায় দান কৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|