• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ হ’ব ব্যতিক্ৰমী ৰূপত অম্বুবাচী মেলা, নাথাকিব আগৰ দৰে দৰ্শনাৰ্থীৰ ভিৰ

এইবাৰ হ’ব ব্যতিক্ৰমী ৰূপত অম্বুবাচী মেলা, নাথাকিব আগৰ দৰে দৰ্শনাৰ্থীৰ ভিৰ

Source-Google

Source-Google

  • Share this:
মা কামাখ্যাৰ আশীষ লবলৈ প্ৰতিদিনেই ভিৰ কৰে কামাখ্যা ধামত বহুজনে ৷ অম্বুবাচী মেলাৰটো কথাই সুকীয়া। দেশী-বেদেশী দৰ্শনাৰ্থী, সাধু,সন্ন্যাসীৰ আগমনত মুখৰিত হয় কামাখ্যা ধাম ৷ মুঠৰ ওপৰত এক উংসৱ মুখৰ পৰিবেশ ৷

সময় সমাগত , প্ৰতিবছৰৰ দৰে এইবাৰো ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা পালন কৰা হ’ব কামাখ্যা ধামত ৷ অম্বুবাচীৰ প্ৰবৃত্তিৰ সময় ২২জুন, ২০২০ সোমবাৰে সময় পুৱা ৭:৫৩:১৫ বজাত আৰু নিবৃত্তিৰ সময় ২৫জুন, ২০২০, বৃহস্পতিবাৰ, সময় নিশা ৮:১৬:৫৫ বজাত ৷ কিন্তু কেৰোণাৰ আতংকৰ বাবে কেবল ধৰ্মীয় ৰীতি-নীতিৰে মাংগলিক নিয়ম সমূহহে কেৱল মানি চলা কৰা হ’ব এইবাৰ অম্বুবাচী মেলাত ৷

অম্বুবাচী মেলাৰ সময়ছোৱাত কামাখ্যা দেৱালয় আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চল সমূহত সকলো ধৰণৰ তীৰ্থযাত্ৰী আৰু সাধুৰ সমাগম বন্ধ থাকিব ৷ নামনি কামাখ্যাৰ পৰা দেৱালয়লৈ অহা সকলো পথেই বন্ধ থাকিব যাতে কামাখ্যালৈ কোনো তীৰ্থযাত্ৰী আৰু সাধু সন্নাসীৰ আগমন নহয় ৷

এক কথাত এইবাৰ মাথো কেবল ৰীতিনীতি খিনিৰ মাজতে হ’ব অম্বুবাচী মহোংসৱত।সেয়েহে নিজ গৃহৰ পৰাই মা কামাখ্যা জনাওক প্ৰনিপাত , যাতে পৰিয়াল আৰু সমাজৰ পৰা আতৰি যাওঁক বিভীষিকাময় এই পৰিবেশ ৷
First published: