ভয়ংকৰ সমস্যাত অসমৰ ২০ লাখৰো অধিক লোক ! যুঁজি যুঁজিও লাভ কৰা নাই আধাৰ কাৰ্ড

News18 Assam | News18-Assam
Updated:April 8, 2021, 7:08 PM IST
ভয়ংকৰ সমস্যাত অসমৰ ২০ লাখৰো অধিক লোক ! যুঁজি যুঁজিও লাভ কৰা নাই আধাৰ কাৰ্ড
আধাৰ কাৰ্ড তৈয়াৰ কৰিব পৰা নাই ৰাজ্যৰ প্ৰায় ২০ লক্ষাধিক লোকে

আধাৰ কাৰ্ড তৈয়াৰ কৰিব পৰা নাই ৰাজ্যৰ প্ৰায় ২০ লক্ষাধিক লোকে

  • Share this:
দেশত বৰ্তমান অত্যাৱশ্যকীয় এক নথি ৰূপে বিবেচিত হৈছে আধাৰ কাৰ্ড ৷ যাৰ বাবে আধাৰ কাৰ্ড তৈয়াৰ কৰিবলৈ সকলো ইচ্ছুক ৷ কিন্তু আধাৰ কাৰ্ড তৈয়াৰ কৰিব পৰা নাই ৰাজ্যৰ প্ৰায় ২০ লক্ষাধিক লোকে ৷ আধাৰ কাৰ্ড তৈয়াৰ কৰিবলৈ গৈ প্ৰায় ২০ লাখ লোক বিমুখ হৈছে ৷ কাৰণ আধাৰ কাৰ্ড তৈয়াৰ কৰাত হেঙাৰ ৰূপে থিয় দিছে অসমত দেশৰ মহাপঞ্জীয়ক ৷ কিয়নো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ তালিকাত প্ৰায় ৪২ লক্ষ লোকৰ নাম বাদ পৰিছিল ৷ বাদ পৰা লোকসকলক পুনৰ আবেদনৰ সুযোগ দিছিল NRC কৰ্তৃপক্ষই ৷ সেইসময়তে NRC কৰ্তৃপক্ষই বাধ্যবাধকতা কৰিছিল বায়োমেট্ৰিক্স ব্যৱস্থা ৷ এন আৰ চি কেন্দ্ৰত সম্পূৰ্ণ তালিকাত নাম বঞ্চিত সকলে প্ৰদান কৰিছিল বায়োমেট্ৰিক্স ৷ যিসকল লোকৰ নাম পৰবৰ্তী সময়ত NRCত অন্তৰ্ভুক্ত হ'ল, তেওলোকে এতিয়া আবেদন কৰিব পৰা নাই আধাৰ কাৰ্ডৰ বাবে ৷ আধাৰ কাৰ্ড লাভ কৰিবলৈ প্ৰথমে কিছু নথিৰ লগত দিব লাগে বায়োমেট্ৰিক্স ৷ কিন্ত নিৰ্দিষ্ট লোকসকলে প্ৰদান কৰা বায়োমেট্ৰিক্স নলয় আধাৰ কেন্দ্ৰত ৷ সেয়ে এনৰোলমেণ্ট নম্বৰ জেনেৰেট হয় যদিও আধাৰ কাৰ্ড লাভৰ সুবিধাৰ পৰা বঞ্চিত হয় এইসকল লোক ৷ যাৰ বাবে এক ভয়ংকৰ সমস্যাৰ সন্মুখীন এতিয়া প্ৰায় ৰাজ্যৰ ২০ লক্ষাধিক লোক ৷ বাৰে বাৰে কাৰ্ড লাভৰ বাবে চেষ্টা কৰিছে যদিও সুবিধাৰ পৰা বঞ্চিত হৈছে ৷ ইপিনে কাৰ্ড লাভ নকৰা বাবে বহু যুৱক-যুৱতীয়ে হেৰুৱাব লগা হৈছে চাকৰি ৷ কিয়নো কৰ্মস্থানত আধাৰ বাধ্যতামূলক হোৱাৰ উপৰিও বেঙ্ক একাউণ্টৰ সৈতে সংযোগ কৰিব লাগে আধাৰ ৷ তেনে অৱস্থাত উপায়ন্তৰ অসমৰ প্ৰায় ২০ লক্ষাধিক লোক, যিসকলে NRCত বাযোমেট্ৰিক্স প্ৰদানৰ পূৰ্বে আধাৰ উলিয়াই লোৱা নাই ৷ এইক্ষেত্ৰত দেশৰ মহাপঞ্জীয়কে এন আৰ চি গেজেট নটিফিকেশ্বন ৰূপে প্ৰকাশ নকৰা পৰ্য্যন্ত দূৰ নহয় এই সমস্যা, য়দিহে আগতীয়াকৈ যদি পঞ্জীয়কৰ তৰফৰ পৰা প্ৰেৰণ নহয় জাননী ৷ প্ৰশ্ন হয় ৰাজ্যৰ ২০ লক্ষ লোকৰ এই সমস্যা লৈ গুৰুত্ব দিবনে দেশৰ মহাপঞ্জীয়কে ?
Published by: Kokil Sarma
First published: April 8, 2021, 6:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি