মুখ্যপৃষ্ঠা » খবৰ

» অসম

»NLFB Surrender: অৱশেষত আত্মসমৰ্পণ কৰিলে এনএলএফবিৰ মুৰব্বী এম বাথাই

NLFB Surrender: অৱশেষত আত্মসমৰ্পণ কৰিলে এনএলএফবিৰ মুৰব্বী এম বাথাই

News18 Assam | News18-Assam
Updated:July 22, 2021, 5:24 PM IST
NLFB Surrender: অৱশেষত আত্মসমৰ্পণ কৰিলে এনএলএফবিৰ মুৰব্বী এম বাথাই
ইতিমধ্যে ৰাজ্যৰ লগতে বিটিআৰত আন এক অশান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ আশংকা প্ৰকট কৰি তুলিছিল।

ইতিমধ্যে ৰাজ্যৰ লগতে বিটিআৰত আন এক অশান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ আশংকা প্ৰকট কৰি তুলিছিল।

  • Share this:

অৱশেষত আত্মসমৰ্পণ কৰিলে এম বাথাই। শান্তি চুক্তিৰ মাজেৰে আগবঢ়া বিটিআৰত পুনৰ উগ্ৰপন্থা গ্ৰহণ কৰা এম বাথা ওৰফে বিনোদ মুছাহাৰীয়ে গঠন কৰিছিল বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলেণ্ড (National Liberation Front of Boroland)। এই কথাই ইতিমধ্যে ৰাজ্যৰ লগতে বিটিআৰত আন এক অশান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ আশংকা প্ৰকট কৰি তুলিছিল।


এনে পৰিস্থিতিত বৃহস্পতিবাৰে সতীৰ্থসকলৰ সৈতে ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে নৱগঠিত উগ্ৰপন্থী সংগঠন এন এল এফ বিৰ ২০ কেডাৰসহ এম বাথাই। এই আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত আছে দুৰ্ধৰ্ষ নেতা বি বকো৷ আত্মসমৰ্পণক লৈ অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগতে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো।


মন্ত্ৰী হাজৰিকাই এম বাথাসহ আন কেডাৰসকলৰ আত্মসমৰ্পণ সম্পৰ্কে কয়– 'ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। আজিলৈ ২৩গৰাকী আহিছে। বাকী থকাসকলো সোনকালেই ঘূৰি আহিব। মুখ্যমন্ত্ৰীৰ শান্তিৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই এওঁলোক ঘূৰি অহাৰ বাবে ধন্যবাদ জনাইছো।’

Published by: Gautam Barman
First published: July 22, 2021, 5:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি