চৰকাৰে তিনিওটা দাবী মানি ল’লে অস্ত্ৰ সম্বৰণ কৰিব NLFBৰ ২৩ নেতা–কেডাৰে৷ অন্যথা সেয়া সম্ভৱ নহয় বুলিও মন্তব্য কৰে বাথাই৷ বাথাই কয়, ‘‘এয়া আমাৰ কোনো আত্মসমৰ্পণ নহয়, বিপৰীতে এয়া যুদ্ধবিৰতি৷ চৰকাৰে দাবী মানি ল’লে আমি সহযোগ কৰিম৷’’ সংগঠনটোৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত কয় যে এতিয়া প্ৰায় দুশ সদস্য আছে সংগঠনত৷ অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আত্মবিশ্বাসী এম বাথা৷ চৰকাৰে আশানুৰূপ আলোচনা বিচাৰি মাতিছে, তাক শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিছ৷
NLFBৰ এম বাথাই কোৱা যুদ্ধবিৰতি প্ৰসংগক লৈ অৱশ্যে মুখ্যমন্ত্ৰীৰ মত, আত্মসমৰ্পণ বুলি কোনোবাই ক’বলৈ টান পাইছে৷ তেনেকৈ থাকিব দিয়ক৷ শব্দ লৈ এতিয়া খেলি লাভ নাই৷ অৱশ্যে সেয়া যিয়েই নহওক কিয়, কিন্তু এটা কথা ঠিক যে অতি কম সময়ৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মূলসুঁতিলৈ ঘূৰাই আনিবলৈ সক্ষম হ’ল ২৩ NLFB সদস্যক৷