মুখ্যপৃষ্ঠা »খবৰ »অসম »লক্ষ্ণৌ-হায়দৰাবাদৰ সুস্বাদু খাদ্যশৈলীৰ সংমিশ্ৰণেৰে হোটেল ৰেডিছন ব্লু'ৰ দ্যা গ্রেট কাবাব ফেক্টৰীত আজিৰে ‘নিজামি নৱাবী' খাদ্য মহোৎসৱ

লক্ষ্ণৌ-হায়দৰাবাদৰ সুস্বাদু খাদ্যশৈলীৰ সংমিশ্ৰণেৰে হোটেল ৰেডিছন ব্লু'ৰ দ্যা গ্রেট কাবাব ফেক্টৰীত আজিৰে ‘নিজামি নৱাবী' খাদ্য মহোৎসৱ

নবাবৰ দেশ আৰু নিজামৰ দৰবাৰৰ গৌৰৱময় খাদ্যশৈলীক খাদ্যপ্ৰেমীসকলৰ আগত আপ্যায়ন কৰাৰ উদ্দেশ্যে দ্যা গ্ৰেট কাবাব ফেক্টৰীৰ মাষ্টাৰ চেফসকলে সমৃদ্ধ লক্ষ্ণৌ আৰু হায়দৰাবাদী সুস্বাদু খাদ্যশৈলীৰ সংমিশ্ৰণত এক ৰাজকীয় নিৰামিষ আৰু আমিষ ভোজ প্রস্তুত কৰিছে।

  • Share this:
নানান ধৰণৰ সুস্বাদু খাদ্য গ্ৰহণৰ খাদ্যাভাস থকা লোকসকলৰ বাবে এক বিশেষ খবৰ। গুৱাহাটীৰ ৰেডিছন ব্লু'ৰ দ্যা গ্ৰেট কাবাব ফেক্টৰীয়ে 'নিজামি নৱাবী' খাদ্য মহোৎসৱৰ জৰিয়তে এক অনন্য বন্ধন অভিজ্ঞতা কঢ়িয়াই অনাৰ বাবে ৰাজকীয় যুগলবন্দীৰ আয়োজন কৰিছে। আজিৰে পৰা ২৬ ফেব্ৰুৱাৰীলৈ দ্য গ্রেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলক ভাৰতৰ আটাইতকৈ ঐতিহাসিক তথা বিখ্যাত খাদ্যনগৰী লক্ষ্ণৌ আৰু হায়দাবাদলৈ গেষ্টনমিক যাত্ৰালৈ আমন্ত্রণ জনাইছে। ভাৰতীয় ইতিহাসৰ অন্যতম চৰ্চিত ৰন্ধন-প্ৰদৰ্শনী হৈছে কিংবদন্তিপূর্ণ নবাব আৰু প্ৰখ্যাত নিজামসকলৰ মাজত ৰান্ধনীশালৰ প্রতিদ্বন্দ্বিতা। সেয়েহে দ্যা গ্ৰেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলক লক্ষ্ণৌৰ গলিবোৰৰ মাজেৰে নিজামসকলৰ শ্বাহী বাৱৰ্চি-খানাসমূহ পর্যবেক্ষণ কৰি ভাৰতৰ ৰাজকীয় অতীতৰ এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ অংশীদাৰ হোৱাৰ লগতে গৌৰৱময় ঐতিহ্যৰ পাহৰা সোৱাদবোৰ নিজৰ মুখত সজীৱ হৈ উঠাৰ দৰে নৱাবী সমৃদ্ধি আৰু নিজামী সোৱাদ অনুভৱ কৰিবলৈ সাজু হ'বলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, হায়দৰাবাদী খাদ্যশৈলীয়ে অত্যন্ত সুস্বাদু সুগন্ধি আৰু সৃষ্টিশীলতাৰে সমৃদ্ধ খাদ্যৰ কথা মনলৈ আনে। হায়দৰাবাদৰ নিজামসকলৰ ৰাজকীয় ঐতিহ্যস্বৰূপ হায়দৰাবাদী খাদ্য হৈছে তেলেগু অঞ্চলৰ স্থানীয় মছলা আৰু বনৌষধিৰ প্ৰভাৱসমৃদ্ধ মোগলাই আৰু উত্তৰ ভাৰতীয় খাদ্যৰ মিশ্রণ।

নবাবৰ দেশ আৰু নিজামৰ দৰবাৰৰ গৌৰৱময় খাদ্যশৈলীক খাদ্যপ্ৰেমীসকলৰ আগত আপ্যায়ন কৰাৰ উদ্দেশ্যে দ্যা গ্ৰেট কাবাব ফেক্টৰীৰ মাষ্টাৰ চেফসকলে সমৃদ্ধ লক্ষ্ণৌ আৰু হায়দৰাবাদী সুস্বাদু খাদ্যশৈলীৰ সংমিশ্ৰণত এক ৰাজকীয় নিৰামিষ আৰু আমিষ ভোজ প্রস্তুত কৰিছে।

ৰসাল আৰু সুস্বাদু হায়দৰাবাদী পথাৰ কে ফুল কি চপ, হজৰতগঞ্জ কি তন্নী মাচ্ছি, হালিম, অৱধি মুর্গ বুৰা, ফালাকনুমা চূজা, কাকোৰী কাবাব, তাৰ গোষ্ট, হায়দৰাবাদী চিকেন মাণ্ডি আৰু বহুতো খাদ্য থকাৰ বিপৰীতে সুস্বাদু নিৰামিষ খাদ্যৰ ভিতৰত নীলগিৰি পনীৰ টিক্কা, কমল কাকড়ি কে গুলাৰ কাবাব, ঘুটৱা চয়া কাবাব, চাৰমিনাৰী চাবজ হালীম, ভুট্টে বাদাম কি চিৎ, হায়দৰাবাদী চাবজ মাণ্ডি, পনীৰ মিচ কা চালান আৰু বহুতো অন্তৰ্ভুক্ত হৈ আছে। ৰাজকীয় ডেজার্টৰ ভিতৰত খুবানী কা মিঠা, শ্বাহী টুকড়া, বাদাম কা শ্বিৰা আৰু বহুতো অন্তৰ্ভুক্ত হৈ আছে।

মন কৰিবলগীয়া যে, ভাৰতীয় খাদ্যবিশিষ্ট ৰেষ্টুৰেণ্টখনে খাদ্যপ্ৰেমীসকলৰ বাবে এক অনন্য ভোজন অভিজ্ঞতা প্ৰদান কৰে। প্ৰাচীন আৰু সমসাময়িক ৰন্ধনপ্রণালীৰ সংমিশ্ৰিত ব্যৱহাৰৰ জৰিয়তে দ্যা গ্রেট কাবাব ফেক্টৰীয়ে (TGKE) সমগ্ৰ বিশ্বৰ সুস্বাদু কাবাবসমূহ আনি একেখন মেজত সজাই-পৰাই তুলিছে। দ্য গ্রেট কাবাব ফেক্টৰীত সাতটা ভিন্ন শৈলীত প্ৰস্তুত কৰা সুস্বাদু কাবাবৰ সোৱাদ ল'ব পাৰি, য'ত তদূৰ বা সিংৰিত পোৰা, তাৱা বা মাহী তাৱাত পাতলীয়াকৈ ভজা, কেৰাহীত ভালদৰে ডুবুৱাই ভজা, ভাপত দিয়া বা শিলৰ ওপৰত গ্ৰীণ কৰা কাবাব অন্তৰ্ভুক্ত হৈ আছে।

শেহতীয়া বাতৰি