দেশৰ শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক মানৰ তালিকা, দশম স্থানতে সন্তুষ্ট অসম

নিটি আয়োগ আৰু কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ে যুটীয়া ভাবে চলাইছিল সমীক্ষা

News18-Assam
Updated:September 30, 2019, 9:38 PM IST
দেশৰ শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক মানৰ তালিকা, দশম স্থানতে সন্তুষ্ট অসম
Source-Google
News18-Assam
Updated: September 30, 2019, 9:38 PM IST
দেশৰ শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক মানৰ ওপৰত নিটি আয়োগৰ প্ৰকাশ কৰিছে তালিকা। নিটি আয়োগ আৰু কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ে যুটীয়া ভাবে চলাইছিল সমীক্ষা। তালিকাৰ দশম স্থানতহে আছে অসম। তালিকাৰ শীৰ্ষত কেৰালা, সৰ্বনিম্ন স্থানত ঝাৰখণ্ড।

দ্বিতীয় স্থানত তামিলনাডু, তৃতীয় স্থানত হাৰিয়ানা। সেইদৰে চতুৰ্থ আৰু পঞ্চম স্থানত আছে  ক্ৰমে গুজৰাট আৰু হিমাচল প্ৰদেশ। ইয়াৰ সমান্তৰাল ভাবে ষষ্ঠ স্থানত মহাৰাষ্ট্ৰ, সপ্তম স্থানত আছে ওড়িশা।

তালিকাৰ অষ্টম স্থানত আছে ৰাজস্থান, নৱম স্থানত আছে পঞ্জাৱ। নিটি আয়োগ আৰু কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ে যুটীয়া ভাবে চলাইছিল সমীক্ষাত ক্ৰমে ১১নং স্থানত অন্ধ্ৰ প্ৰদেশ, ১২নং স্থানত চত্তীশগড়, ১৩নং স্থানত কৰ্ণাটক, ১৪নং স্থানত উত্তৰাখণ্ড, ১৫নং স্থানত মধ্য প্ৰদেশ, ১৬নং স্থানত জম্মু কাশ্মীৰ, ১৭নং স্থানত উত্তৰ প্ৰদেশ, ১৮নং স্থানত তেলেংগানা আৰু  ১৯ নং স্থানত আছে বিহাৰ।

সৰু ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে ত্ৰিপুৰাই। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত শীৰ্ষত আছে চণ্ডীগড়।
আৰু চাওক পৰৱৰ্তী বাতৰি