গ্ল’ৱেল বিশ্ববিদ্যালয় ৰেংকিঙঃ উত্তৰ-পূৱৰ ভিতৰত শীৰ্ষত শিলচৰৰ NIT

News18 Assam | News18-Assam
Updated:September 5, 2020, 12:18 PM IST
গ্ল’ৱেল বিশ্ববিদ্যালয় ৰেংকিঙঃ উত্তৰ-পূৱৰ ভিতৰত শীৰ্ষত শিলচৰৰ NIT
এই সমীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে বেংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সে

এই সমীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে বেংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সে

  • News18 Assam
  • Last Updated: September 5, 2020, 12:18 PM IST
  • Share this:
ৰাজ্যৰ বাবে আহিছে এটা ভালখবৰ। ‘Times Higher Education Global University ranking’ত দেশৰ ভিতৰতে ১৯ নম্বৰ স্থান দখল কৰিছে শিলচৰস্থিত নেচনেল ইনষ্টিটিউট অৱ টেকন’লজীয়ে। সেইদৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনে উত্তৰ-পূৱৰ ভিতৰত দখল কৰিছে  শীৰ্ষস্থান।

৯৩খন দেশৰ আগশাৰীৰ ১,৫২৭খন বিশ্ববিদ্যালয়ৰ মাজত চলোৱা এই সমীক্ষাত ভাৰতৰ ৬৩ খন বিশ্ববিদ্যালয়ক সামৰি লোৱা হৈছিল। আৰু এই সমীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে বেংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সে। বিশ্ব ৰেংকিঙত ৩০১ৰ পৰা ৩৫০ৰ ভিভৰত আছে বেংগালুৰুৰ শিক্ষা প্ৰতিষ্ঠানখন।
Published by: Himangshu Bhuyan
First published: September 5, 2020, 12:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি