বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত আজি দাখিল কৰা বাজেটত পশ্চিম বংগ নিৰ্বাচনক লক্ষ্য কৰি কেইবাটাও ডাঙৰ ঘোষণা কৰে। বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে পশ্চিম বংগ, কেৰালা আৰু অসমৰ কাৰণে হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে।
চৰকাৰে বংগত ২৫হাজাৰ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া হাইৱেৰ ঘোষণা কৰে। এই নেচনেল হাইৱে’ৰ দৈৰ্ঘ ৬৭৫ কিলোমিটাৰ হ’ব। ইয়াৰ বাহিৰে বাজেটত বিত্ত মন্ত্ৰী কলকাতা–শিলিগুৰি ৰ’ডৰ আপগ্ৰেডেশ্যনৰো ঘোষণা কৰে।
বিত্ত মন্ত্ৰীয়ে কয় যে এই বছর ৩৫০০ কিলোমিটাৰ দীঘল নতুন ৰাষ্ট্ৰীয় ৰাজমাৰ্গ নিৰ্মাণ কৰা হ’ব। বিত্ত মন্ত্ৰীয়ে অসম, কেৰালা, পশ্চিম বংগত ৰাজপথ নিৰ্মাণৰো ঘোষণা কৰে।
এফালে যদি পশ্চিম বংগৰ কাৰণে ২৫হাজাৰ কোটি টকা আৱণ্টন কৰা হ’ব আনহাতে তামিলনাডুত হাইৱে’ প্ৰজেক্টছৰ কাৰণে ১লাখ কোটি টকাৰ ঘোষণা কৰে। সেইদৰে অসমত হাইৱে’ নিৰ্মাণৰ কাৰণে চলিত প্ৰজেক্টৰ লগতে সুকীয়াকৈ অহা তিনি বছৰৰ কাৰণে ৩৪ হাজাৰ কোটি টকাৰ আৱণ্টন দিয়া হ’ব। বাজেট ঘোষণাৰ মতে বৰ্তমান অসমত ১৯,০০হাজাৰ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি আছে। নতুনকৈ ধাৰ্য কৰা টকাৰে ১৩০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব।
![]()
বাজেটত অসমক লৈ ঘোষণা
চৰকাৰে কন্যাকুমাৰী কৰিডৰ নিৰ্মাণৰ কাৰণে ৬৫হাজাৰ কোটি টকাৰ আৱণ্টনৰ ঘোষণা কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত কয় যে, অহা বছৰ ৮,৫০০ কিলোমিটাৰৰ ৰোডৰ প্ৰজেক্ট তৈয়াৰ কৰা হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|