নিশ্চিত মৃত্যুৰ মুখলৈ গতি কৰিছে জাগীৰোড আৰু কাছাৰ কাগজকল দুটা। কাগজ কল দুটাৰ পুনৰ জীৱিতকৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আশ্বাস প্ৰদান কৰিছে যদিও সকলোবোৰ যেন ফুটুকাৰ ফেন।
কেৱল ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী অথবা বিষয়ববীয়াই নহয়, কাগজ কল দুটাৰ পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত যে কেন্দ্ৰৰো বিশেষ সদিচ্ছা নাই সেই কথাই প্ৰমাণিত হ’ল বৃহস্পতিবাৰে। অসমলৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কাগজ কল দুটাৰ প্ৰসংগত কোনো ধৰণৰ পোনপটীয়া উত্তৰ নিদিলে। গুৱাহাটীৰ তাজ ভিভান্টাত হোৱা সংবাদমেলত বিত্তমন্ত্ৰী গৰাকীয়ে এই সম্পৰ্কত কয় যে 'কাছাৰ আৰু জাগীৰোড কাগজ কল দুটাৰ পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত মই এতিয়ালৈ প্ৰস্তাৱহে লাভ কৰিছো, পিছলৈ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব,তাৰ পৰিৱৰ্তে উত্তৰ পূৱৰ বহু উদ্যোগৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হ’ব।’
লক্ষ্যণীয় যে, ৰাজ্যৰ চাহ শ্ৰমিক সকলে বেংকৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা সমস্যাসমূহ অতি সোনকালে সমাধান কৰিবৰ বাবে বেংক কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ প্ৰদান কৰে বিত্তমন্ত্ৰী গৰাকীয়ে। ১৫ মাৰ্চৰ ভিতৰত চাহ শ্ৰমিকৰ বেংক একাউণ্টৰ খেলি মেলি দূৰ কৰাৰ বাবে বেংক কৰ্তৃপক্ষক বৃহস্পতিবাৰে গুৱাহাটীৰ বৈঠকত নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত ৩০-৪০ দিনৰ ভিতৰত চাহ জনজাতি অঞ্চলসমূহৰ পৰ্যবেক্ষণৰ বাবে পুনৰ গুৱাহাটীলৈ আহিব নিৰ্মলা সীতাৰমণ। লগতে চাহ বাগানত এ টি এম বৃদ্ধি কৰা আৰু নেটৱৰ্কৰ সমস্যা সমাধানৰ নিৰ্দেশ দিয়ে মন্ত্ৰীয়ে। আনহাতে দিল্লীৰ প্ৰতিবাদে বিনিয়োগকাৰীৰ ওপৰত প্ৰভাৱ পেলোৱা নাই বুলি জনায় বিত্তমন্ত্ৰীয়ে।
Published by: Tulika Devi
FIRST PUBLISHED : February 28, 2020, 12:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।