• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰকাশ পালে India Rankings 2021: আগশাৰীৰ ১০০খনৰ তালিকাত নাই অসমৰ এখনো মহাবিদ্যালয়

প্ৰকাশ পালে India Rankings 2021: আগশাৰীৰ ১০০খনৰ তালিকাত নাই অসমৰ এখনো মহাবিদ্যালয়

সামগ্ৰিক মূল্যায়নৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যাল আছে ৬৭সংখ্যক স্থানত, ১০০খন মহাবিদ্যালয়ৰ তালিকাত প্রথম আৰু দ্বিতীয় স্থানত আছে দুই মহিলা মহাবিদ্যালয়।

সামগ্ৰিক মূল্যায়নৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যাল আছে ৬৭সংখ্যক স্থানত, ১০০খন মহাবিদ্যালয়ৰ তালিকাত প্রথম আৰু দ্বিতীয় স্থানত আছে দুই মহিলা মহাবিদ্যালয়।

সামগ্ৰিক মূল্যায়নৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যাল আছে ৬৭সংখ্যক স্থানত, ১০০খন মহাবিদ্যালয়ৰ তালিকাত প্রথম আৰু দ্বিতীয় স্থানত আছে দুই মহিলা মহাবিদ্যালয়।

  • Share this:

প্ৰকাশ পালে ২০২১ বৰ্ষৰ India Rankings ২০২১। প্ৰতি বছৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত National Institutional Ranking Framework চমুকৈ NIRFএ প্ৰকাশ কৰে এই তালিকা । এই পদ্ধতিত পাৰদৰ্শিতাৰ ভিত্তিত ১০০খন উচ্চ শিক্ষানুষ্ঠানৰ সামগ্ৰিক তালিকা প্রস্তুত কৰাৰ লগতে বিভিন্ন শিক্ষাৰ বিভাগসমূহৰ পৃথক তালিকা প্ৰস্তুত কৰা হয়।


উল্লেখযোগ্য যে এইবাৰৰ ১০০খন প্ৰতিষ্ঠানৰ সামগ্ৰিক তালিকাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা প্ৰতিষ্ঠানসমূহে ভাল ফলাফল প্ৰদর্শন কৰিব পৰা নাই । কেৱল ব্যতিক্ৰম Indian Institute of Technology, গুৱাহাটী । গুৱাহাটীৰ IITখনে সামগ্ৰিক পাৰদৰ্শিতাৰ তালিকাত অষ্টম স্থান দখল কৰিছে । তাৰে বাদে গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিছে ৬৭সংখ্যক স্থান ।


কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত অসম চুক্তিৰ ফচল তেজপুৰ বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ স্থান ক্ৰমে ৭৩ আৰু ৯৩ । শ্বিলঙৰ North East Hill Universityয়ে ৯০তম স্থানত নিজৰ নাম পঞ্জীয়ন কৰিছে । এই তালিকাত প্ৰথম স্থান আৰু দ্বিতীয় স্থানত আছে ক্ৰমে IIT -.Madras আৰু Indian Institute of Science – Bangalore ।


উল্লেখযোগ্য যে ১০০খন মহাবিদ্যালয়ৰ তালিকাত প্রথম আৰু দ্বিতীয় দুয়োটাই স্থান দখল কৰিছে মহিলা মহাবিদ্যালয়ে । প্ৰথম স্থানত আছে দিল্লীৰ মিৰাণ্ডা হাউছ  আৰু দ্বিতীয় স্থানত আছে দিল্লীৰ Lady Shri Ram College for Women । দুৰ্ভাগ্যজনকভাৱে এই তালিকাত স্থান নাই অসমৰ এখনো মহাবিদ্যালয়ৰ। অসম নালাগে স্থান পোৱা উত্তৰ–পূবৰ এখনো মহাবিদ্যালয়ে ।


কেৱল বিশ্ববিদ্যালয়ৰ শিতানত শীৰ্ষত Indian Institute of Science – Bangalore আৰু দ্বিতীয় স্থানত আছে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় । এই তালিকাত অসমৰ বিশ্ববিদ্যালয়কেইখনৰ স্থান ঊৰ্ধগামী হৈছে । দেশৰ ১০০খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থান ৪৫সংখ্যক। এই তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ে ৪৬সংখ্যক স্থান পোৱাৰ বিপৰীতে NEHUৰ স্থান ৫৯সংখ্যক ।


৫০খন শ্ৰেষ্ঠ চিকিৎসা মহাবিদ্যালয়ৰ তালিকাত কেৱল স্থান পাইছে ইম্ফলৰ Regional Institute of Medical Sciencesএ । শীৰ্ষত আছে দিল্লীৰ AIIMS । ১০০খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তালিকাত ৪৮সংখ্যক স্থানত National Institute of Technology – Silchar । ৭৩সংখ্যক স্থানত আছে গুৱাহাটীৰ Indian Institute of Information and Technology ।

Published by:Gautam Barman
First published: