জানিব পৰা মতে, মাজুলী জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়াৰ সেউজ সংকেট লাভ কৰিয়েই এই নাওসমূহ চলি আছিল।
জানিব পৰা মতে, মাজুলী জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়াৰ সেউজ সংকেট লাভ কৰিয়েই এই নাওসমূহ চলি আছিল।
নিমাতীঘাটত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছত এই ঘটনাৰ অনুসন্ধানৰ বাবে যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে সোমবাৰ পৰ্যন্ত ১২গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে সাতগৰাকী হ’ল নিমাতীঘাটত কৰ্মৰত নিম্নপৰ্যায়ৰ কৰ্মচাৰী। দুৰ্ঘটনাত ব্ৰহ্মপুত্ৰত ডুব যোৱা ‘মা কমলা’ নামৰ নাওখনৰ গৰাকী পানীৰাম কলিতা, তেওঁৰ পুত্ৰ গৌতম কলিতা আৰু নাওখনৰ তিনিজন কৰ্মচাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা–পোছা অব্যাহত ৰাখিছে।
কিন্তু এইবাৰ কেঁচু খান্দোতে সাপ ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ ধৃত কৰ্মচাৰীসকলৰ পৰাই পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য। এক ইঞ্জিনযুক্ত ব্যক্তিগত নাওসমূহৰ চলাচল বহুদিন পূৰ্বৰে পৰা বন্ধ কৰি থোৱা হৈছিল যদিও নিমাতী-মাজুলীৰ মাজত মাজুলী জিলা প্ৰশাসনৰ জ্ঞাতসাৰেই কেনেদৰে এই নাওসমূহ চলি আছিল বৰ্তমান সেই প্ৰশ্ন উৎথাপন কৰিছে ধৃত কৰ্মচাৰীসকলে।
ধৃত কৰ্মচাৰীসকলৰ পৰা জানিব পৰা মতে, মাজুলী জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়াৰ সেউজ সংকেট লাভ কৰিয়েই এই নাওসমূহ চলি আছিল। এই নাওসমূহ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলিবলৈ কোনে অনুমতি দিছিল বৰ্তমান তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে আৰু এই ভয়ংকৰ গাফিলতিৰ বাবে সেইসকল বিষয়া তদন্তৰ আওতালৈ আহিবনে নাই বৰ্তমান তাক লৈয়ো প্ৰশ্ন উৎথাপন হৈছে।
"আমি পুৱাৰে পৰা নিশালৈকে ঘাটত ব্যস্ত থাকো। এক ইঞ্জিনযুক্ত ব্যক্তিগত ফেৰীসমূহ গৰাকীসকলে মাজুলী জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অভিযন্তাৰ সৈতে যোগাযোগ কৰি চলাই আছে। আমি কেৱল উচ্চপদস্থ বিষয়াৰ নিৰ্দেশ মতে কাম কৰো। এই ফেৰীসমূহত যাতায়াত কৰা যাত্ৰীসকলৰ পৰা তেওঁলোকে ভাড়া সংগ্ৰহ কৰে। লাইনটো দিয়াৰ বাবদ বিভাগক তেওঁলোকে ৮৭০ টকাকৈ দিয়ে। তাকো প্ৰতিবাৰতে নিদিয়ে।", বিভাগটোৰ শাখা সহায়ক প্ৰদীপ বৰবৰাই এনেদৰে কয়।
ধৃত আন এগৰাকী কৰ্মচাৰী বিজু কুমাৰ দাসে কয় যে ঘৰতে বহি দৰমহা লৈ অহা বিষয়াসকলৰ ওপৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু তাৰ বিপৰীতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে তেওঁলোকে প্ৰায় ২৩গৰাকী লোকক উদ্ধাৰ কৰা বিষয়টোত কিন্তু কোনেও গুৰুত্ব দিয়া নাই বুলি ক্ষোভ প্ৰকাশ কৰে বিজু দাসে।
উল্লেখযোগ্য, যোৰহাট-মাজুলীৰ মাজত চলাচল কৰি থকা প্ৰায় ১০খন এনে ব্যক্তিগত নাৱৰ চালক আৰু গুৰিয়ালৰ অনুজ্ঞাপত্ৰ আছেনে নাই সেই সন্দৰ্ভতো অনুসন্ধান চলাবলৈ আহ্বান জনাইছে ধৃত লোকসকলে। কৰ্তব্যত গাফিলতি কৰি বিভাগটোত চৰম অৰাজকতাৰ সৃষ্টি কৰি অহা একাংশ বিষয়াক ৰেহাই দি তৃণমূল পৰ্যায়ৰ একাংশ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাক বহুতে সমালোচনা কৰিছে। তদন্ত সঠিকভাৱে হ’লে বিভাগটোত বহু গাফিলতি আৰু অনিয়মৰ বাবে দায়বদ্ধ একাংশ উচ্চপদস্থ বিষয়াৰ মুখা খোল খোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|