নিমাতীঘাটৰ শোকাৱহ ঘটনাৰ এমাহ পিছতেই যেন সকলো পাহৰি গ'ল জল পৰিবহণ বিভাগ কিম্বা মন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশো যেন একপ্ৰকাৰ তল পৰিল। কাৰণ মাজুলীত আকৌ আৰম্ভ হ'ল বিপদজনক ফেৰী সেৱা।
মাজুলীয়ে আকৌ দুখ পালে। নিমাতীঘাটৰ শোকাৱহ ঘটনাৰ এমাহ পিছতেই যেন সকলো পাহৰি গ'ল জল পৰিবহণ বিভাগ কিম্বা মন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশো যেন একপ্ৰকাৰ তল পৰিল। কাৰণ মাজুলীত আকৌ আৰম্ভ হ'ল বিপদজনক ফেৰী সেৱা।
পুনৰ মাজুলীবাসীক চৰম ভেঙুচালি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। নিমাতী ঘাটত পুনৰ আৰম্ভ হ'ল একক ইঞ্জিন যুক্ত ফেৰী চলাচল। শোকাৱহ ৮ ছেপ্টেম্বৰj অভিশপ্ত নিমাতী ফেৰী দুৰ্ঘটনাৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতেই বিভাগে ল'লে এই চৰম সিদ্ধান্ত । দুখনকৈ গুটীয়া নাওঁ এছ.বি. ৰাজকুমাৰ আৰু পঞ্চাননী আজিৰ পৰা কমলাবাৰী আৰু নিমাতীৰ মাজত চলিছে । ফেৰীৰ ওপৰত জাপি লৈছে কুৰিৰো অধিক দুচকীয়া বাহন। লগতে তিনিখনকৈ চাৰিচকীয়া বাহন। ইয়াকে লৈ এতিয়া মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া।
যিহেতু এনে একক ইঞ্জিন যুক্ত নাৱৰ বাবেই তিনিজনকৈ লোকৰ প্ৰাণ গৈছিল, যি শিহৰণকাৰী ঘটনাই আজিও মাজুলীবাসীক কন্দুৱাই, তাৰ পিছতো কিয় এই চৰম সিদ্ধান্ত ল'লে জল পৰিবহণ বিভাগে ? প্ৰশ্ন কৰিছে মাজুলাবাসীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|