Nimatighat Boat tragedy : এই দুৰ্ঘটনা আৰু পৰিমিতা দাস (Parimita Das)ৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে আৰু পৰিমিতা দাসৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা জনায়।
Nimatighat Boat tragedy : এই দুৰ্ঘটনা আৰু পৰিমিতা দাস (Parimita Das)ৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে আৰু পৰিমিতা দাসৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা জনায়।
নিমাতীঘাটৰ কৰুণ দুৰ্ঘটনাই (Nimatighat Boat tragedy) থান-বান কৰি পেলাইছে অসমবাসীৰ হৃদয়। প্ৰাণৰ মমতাত কৰা সেই মৰণকাতৰ চিৎকাৰে আজিও প্ৰতিজন লোকৰ কাণত আমনি কৰি আছে। আৰু উদ্ধাৰ হোৱা মৃত পৰিমিতা দাস (Parimita Das)ৰ সেই মুখখন হয়তো পাহৰাটো সহজ নহ'ব।
বুধবাৰে মাকৰ সৈতে আঠখেলীয়া নামঘৰলৈ গৈছিল পৰিমিতা দাস। পৰিমিতা আৰু তেওঁৰ যমজ ভগ্নীৰ APSC পৰীক্ষাৰ কাৰণে আঠখেলীয়া নামঘৰত শৰাই দিছিল মাকৰ লগত গৈ। নামঘৰত ভকতৰ সৈতে পৰিমিতাই পাতিছিল বহু কথা। আঠখেলীয়া নামঘৰৰ ইতিবৃত্তক লৈও আলোচনা কৰিছিল পৰিমিতাই। তাৰ পিছতে মাজুলীৰ নিজৰ কৰ্মস্থলীলৈ ঘূৰি যাওঁতেই পৰিমিতাৰ জীৱনৰ পৰিসমাপ্তি ঘটিল। নিয়তিয়ে নিদাৰুণভাৱে কাঢ়ি লৈ গ'ল পৰিমিতাক।
মাজুলীৰ ৰঙাচাঁহী কলেজৰ প্ৰৱক্তা পৰিমিতা দাসৰ মৃত্যু চকুৰ সন্মুখতে দেখিছিল নিজ মাতৃয়ে। পৰিমিতাক বিদায় দি মাকে পাৰত ৰৈ আছিল। কাহানিও তেওঁ কল্পনা কৰিব পৰা নাছিল যে এই দেখাই পৰিমিতাৰ সৈতে শেষ দেখা। মাতৃৰ চকুৰ সন্মুখতে অভিশপ্ত নাওখন মহাবাহুৰ বুকুত বুৰ গৈছিল।
এই দুৰ্ঘটনা আৰু পৰিমিতাৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে আৰু পৰিমিতা দাসৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|