মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাজুলীবাসীক কিয় ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী বিমল বৰাই, ভাইৰেল হোৱা ফটো সম্পৰ্কতো কৰিলে মন্তব্য

মাজুলীবাসীক কিয় ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী বিমল বৰাই, ভাইৰেল হোৱা ফটো সম্পৰ্কতো কৰিলে মন্তব্য

News18 Assam | News18-Assam
Updated:September 15, 2021, 6:00 PM IST
মাজুলীবাসীক কিয় ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী বিমল বৰাই, ভাইৰেল হোৱা ফটো সম্পৰ্কতো কৰিলে মন্তব্য
ছাত্ৰ-ছাত্ৰীৰ ক্ষোভৰ কিয় সন্মুখীন হৈছিল সেয়াও জনালে মন্ত্ৰীয়ে।

ছাত্ৰ-ছাত্ৰীৰ ক্ষোভৰ কিয় সন্মুখীন হৈছিল সেয়াও জনালে মন্ত্ৰীয়ে।

  • News18 Assam
  • Last Updated: September 15, 2021, 6:00 PM IST
  • Share this:

নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছত এইবাৰ ফেৰীক লৈ যাত্ৰীৰ সীমাহীন দুৰ্ভোগ। ফেৰীৰ টিকট নাপাই হাহাকাৰৰ সন্মুখীন হৈছে যাত্ৰীসকল। কমসংখ্যক ফেৰীৰে চৰকাৰে এই মুহূৰ্তত কোনো ফালে মিলাব পৰা নাই। সেয়ে মাজুলীবাসীক অলপ ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে অভিভাৱক মন্ত্ৰী বিমল বৰাই।


ৰাজ্য চৰকাৰে আঁচনিৰ জৰিয়তে ডাবল ইঞ্জিনৰ ব্যৱস্থাও শীঘ্ৰে আৰম্ভ কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে। এইক্ষেত্ৰত ডাবল ইঞ্জিন সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে ১০ লাখ টকাৰ সাহায্য দিয়াৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ এদিন পিছতেই মাজুলীত ছাত্ৰ–ছাত্ৰীৰ ক্ষোভৰ সন্মুখীন হৈছিল মন্ত্ৰী বিমল বৰা।


অভিভাৱক মন্ত্ৰীগৰাকীক জিলা–প্ৰশাসনে প্ৰতিবাদকাৰীৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল যদিও বিমল বৰাই নিজেই সন্মুখীন হৈছিল ছাত্ৰ–ছাত্ৰীৰ। মুখ্যমন্ত্ৰীৰ বৈঠকত মন্ত্ৰী বিমল বৰা, যোগেন মহন আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে চাহ–বিস্কুট খোৱা ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল।



সেই ফটো সম্পৰ্কত মন্ত্ৰী বিমল বৰাই News18ক কয়– "মই নিমাতীঘাটৰ ঘটনাৰ নিশাৰ পৰাই নাখাই–নবৈ লঘোনে আছিলোঁ, সেয়ে সুয়োগ বুজি মুখ্যমন্ত্ৰীৰ বৈঠকতে চাহ–বিস্কুট খাইছিলোঁ, তেনে ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাত উপাই নাই।'' মাজুলীত দেখা দিয়া খাদ্য সংকটৰ পৰা মুক্ত কৰাবলৈও চৰকাৰে যৎপৰোনাষ্টি চেষ্টা চলোৱাৰ কথা News18 ক জনালে মন্ত্ৰী বিমল বৰাই।

Published by: Gautam Barman
First published: September 15, 2021, 6:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি