মুখ্যপৃষ্ঠা » খবৰ

» অসম

»নিমাতী-মাজুলীৰ ফেৰীসেৱাত বছৰি কোটি কোটি টকাৰ লুন্ঠন চলাৰ ভয়ংকৰ অভিযোগ ! তথ্য দাঙি ধৰি চৰকাৰক বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰিবলৈ আহ্বান AJYCPৰ...

নিমাতী-মাজুলীৰ ফেৰীসেৱাত বছৰি কোটি কোটি টকাৰ লুন্ঠন চলাৰ ভয়ংকৰ অভিযোগ ! তথ্য দাঙি ধৰি চৰকাৰক বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰিবলৈ আহ্বান AJYCPৰ...

News18 Assam | News18-Assam
Updated:September 17, 2021, 6:42 PM IST
নিমাতী-মাজুলীৰ ফেৰীসেৱাত বছৰি কোটি কোটি টকাৰ লুন্ঠন চলাৰ ভয়ংকৰ অভিযোগ ! তথ্য দাঙি ধৰি চৰকাৰক বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰিবলৈ আহ্বান AJYCPৰ...
নিমাতী আৰু মাজুলীৰ মাজত চলাচল কৰি অহা ফেৰীসমূহক (Ferry Service) লৈ এক চিণ্ডিকেট চক্ৰই কোটী টকীয়া কেলেঙ্কাৰী (Scam) সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰী তথা ব্যক্তিগত ফেৰীসমূহৰ পৰা সংগ্ৰহ হোৱা অধিকাংশ ৰাজহৰ ধন বিভাগে লাভ নকৰাৰ অভিযোগ উঠিছে। 

  • News18 Assam
  • Last Updated: September 17, 2021, 6:42 PM IST
  • Share this:
নিমাতী আৰু মাজুলীৰ মাজত চলাচল কৰি অহা ফেৰীসমূহক (Ferry Service) লৈ এক চিণ্ডিকেট চক্ৰই কোটী টকীয়া কেলেঙ্কাৰী (Scam) সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰী তথা ব্যক্তিগত ফেৰীসমূহৰ পৰা সংগ্ৰহ হোৱা অধিকাংশ ৰাজহৰ ধন বিভাগে লাভ নকৰাৰ অভিযোগ উঠিছে।

মাজুলী আৰু যোৰহাটৰ মাজত কমলাবাৰী আৰু অফলামুখ ঘাটেৰে দৈনিক বহুকেইখন যাত্ৰীবাহী আৰু মালবাহী ফেৰীৰ চলাচল হয় । আৰু ইয়াৰ পৰা দৈনিক এক বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ হ'ব লাগে যদিও ৰহস্যজনকভাৱে কোটি কোটি টকাৰ হিচাপ নথকাৰ গুৰুতৰ অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

অনিয়ম , অৰাজকতাৰে ভৰি থকা এটা বিভাগৰূপে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৱে শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰিছে । নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছৰে পৰা বিভাগটোৰ ইটোৰ পিছত সিটো কেলেঙ্কাৰী পোহৰলৈ আহিছে । মাজুলীৰ অফলামুখ ঘাটৰ পৰা নিমাতীলৈ দৈনিক ব্যক্তিগত ফেৰী চলিছিল ছয় খন । প্ৰতিখন ফেৰীয়ে দুবাৰকৈ যাত্ৰী অনা নিয়া কৰে । দৈনিক এই ৬খন ফেৰীয়ে মুঠ ১২ বাৰ চলাচল কৰাৰ বিনিময়ত এবাৰত ৭৮৩ টকাকৈ বি এল চি পৰিশোধ কৰিব লাগে বিভাগটোক । সেই হিচাপে দৈনিক ৯,৩৯৬ টকা আৰু এবছৰত প্ৰায় ৩৩,৮২,৫৬০ টকা এই ফেৰীসমূহৰ পৰা পাব লাগে বিভাগটোৱে । আনহাতে অফলামুখেৰে চৰকাৰী নাও দৈনিক চাৰিবাৰকৈ অহাযোৱা কৰে । সেই হিচাপে এদিনত আয় হয় গড়ে প্ৰায় ৩৬ হাজাৰ টকা আৰু বছৰি আয় হয় প্ৰায় ১,২৯,৬০,০০০ টকা । দৈনিক তিনিবাৰকৈ চলাচল কৰা মালবাহী নাৱৰ পৰা বছৰি সংগ্ৰহ হয় প্ৰায় ৮,৪৫,৬৪০ টকা ‌। দৈনিক ৰিজাৰ্ভ নাও চলে এখনকৈ । সেই হিচাপে তাৰ পৰাও বছৰি আয় হয় প্ৰায় ২,৮১,৮৮০ টকা । যোৰহাটত এক সংবাদমেল যোগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই তথ্যসমূহ দাঙি ধৰি কয় যে বছৰি এই ফেৰীসেৱাৰ পৰা অফলামুখ ঘাটতে বিভাগটোৱে আয় কৰে প্ৰায় ১,৭৪,৭০,০৮০ টকা । এইবাৰ যদিহে ব্যয়ৰ হিচাপ চোৱা যায় তেন্তে চৰকাৰী নাৱৰ ডিজেলৰ খৰছ দৈনিক প্ৰায় ৭,২০০ টকা আৰু খোৰাকীৰ খৰছ ৩০০ টকা । বছৰি এই খৰচ হয়গৈ প্ৰায় ২৭ লাখ টকা । আনহাতে ৰেম্প , টক্টা , চিৰি , পথ , মবিল আদিৰ বাবদ বছৰি খৰচ ধৰিলে মুঠ ব্যয় প্ৰায় ২৯,২৪,০০০ টকা হয়গৈ বুলি হিচাপ দাঙি ধৰিছে এজেৱাইচিপিয়ে । ব্যয়সমূহ বাদ দিলে সেই হিচাপে বছৰি বিভাগটোৰ অফলামুখ ঘাটৰ পৰাই আয় হব লাগে প্ৰায় ১,৪৫,৪৬,০৮০ টকা । অৰ্থাৎ চাৰি বছৰত এই আয়ৰ পৰিমাণ হব লাগে প্ৰায় ৫,৮১,৮৪,৩২০ টকা । কিন্তু ইয়াৰ বিপৰীতে বিভাগটোৱে মাত্ৰ ১১ লাখ ১১ হাজাৰ টকাহে চৰকাৰৰ ঘৰত জমা কৰিছে বুলি গুৰুতৰ অভিযোগ তুলিছে এজেৱাইচিপিয়ে । লগতে এই কেলেঙ্কাৰীৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে এজেৱাইচিপিয়ে ।

" আমি দিয়া এই হিচাপ কেৱল অফলামুখ ঘাটৰ । কেইদিনমানৰ ভিতৰতে কমলাবাৰী ঘাটৰ হিচাপসমূহো আমি ৰাজহুৱা কৰিবলৈ সক্ষম হম । এই বিভাগটোত যোৰহাট , মাজুলীতে কিমান লুন্ঠন চলি আছে এয়া তাৰ কিছু উদাহৰণহে । সেয়েহে আমি চৰকাৰক এই ঘাটকেইটাত হোৱা বিত্তীয় কেলেঙ্কাৰীৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ আহ্বান জনাইছো । ", এজেৱাইচিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এনেদৰে কয় ।

ইয়াৰ লগতে কমলাবাৰী ঘাটটো অনুৰূপ কেলেঙ্কাৰী সংঘটিত হোৱাৰ আশঙ্কা প্ৰকাশ কৰিছে এজেৱাইচিপিয়ে । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অসমৰ পাৰঘাটসমূহৰ এটা স্থায়ী সমাধান বিচাৰি অচিৰেই এজেৱাইচিপিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিব বুলিও জানিবলৈ দিয়ে  । আনহাতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলি থকা নাওসমূহৰ ফিটনেছ পৰীক্ষাকে ধৰি অন্যান্য দিশসমূহৰ সৈতে জড়িত বিষয়াসকলক তদন্তৰ আওতালৈ আনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে এজেৱাইচিপিয়ে ।
Published by: Kokil Sarma
First published: September 17, 2021, 6:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি