মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিশ্বনাথ ঘাটত উদ্ধাৰ এটা মৃতদেহ, মৃতদেহটোৰ আঙুলিত আছে 'J' আখৰ লিখা আঙুঠি...

বিশ্বনাথ ঘাটত উদ্ধাৰ এটা মৃতদেহ, মৃতদেহটোৰ আঙুলিত আছে 'J' আখৰ লিখা আঙুঠি...

News18 Assam | News18-Assam
Updated:September 11, 2021, 8:29 AM IST
বিশ্বনাথ ঘাটত উদ্ধাৰ এটা মৃতদেহ, মৃতদেহটোৰ আঙুলিত আছে 'J' আখৰ লিখা আঙুঠি...
উদ্ধাৰ কৰা মৃতদেহটো মাজুলী ফেৰী দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা ডঃ বিক্ৰমজিত বৰুৱা অথবা জান বৰুৱাৰ মৃতদেহ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে।

উদ্ধাৰ কৰা মৃতদেহটো মাজুলী ফেৰী দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা ডঃ বিক্ৰমজিত বৰুৱা অথবা জান বৰুৱাৰ মৃতদেহ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে।

  • News18 Assam
  • Last Updated: September 11, 2021, 8:29 AM IST
  • Share this:
বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছে এটা মৃতদেহ। উদ্ধাৰ কৰা মৃতদেহটো মাজুলী ফেৰী দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা ডঃ বিক্ৰমজিত বৰুৱা অথবা জান বৰুৱাৰ মৃতদেহ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে।

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ বনকর্মীসকলে শনিবাৰে পুৱা উদ্ধাৰ কৰিছে মৃতদেহটো। নদীৰ বালিচৰত লাগি আছিল মৃতদেহটো। উমাইতুমুনি নদীদ্বীপৰ পৰা পূৱ দিশত কিছু নিলগত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত ভাছা টাপুত উদ্ধাৰ হৈছে মৃতদেহটো ৷

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই মৃতদেহটোৰ হাতত ঘড়ী আৰু আঙুলিত আঙুঠি পৰিধান কৰা প্ৰত্যক্ষ কৰিছে বনকৰ্মীসকলে ৷ ইফালে মৃতদেহটো প্ৰথম অৱস্থাত ডা০ বিক্ৰমজিতৰ বুলি সন্দেহ কৰা হৈছিল যদিও এতিয়া পৰিয়ালৰ লোকে মানি লোৱা নাই। কিন্তু মৃতদেহটোৰ আঙুলিত জে আখৰ লিখা এটা আঙুঠি আছে। সেইদৰে জান বৰাই সেইদিনা পৰিধান কৰা পোছাক আৰু আজি উদ্ধাৰ হোৱা মৃতদেহটোৰ শাৰীৰিক পোছাকৰ সাদৃশ্য দেখা গৈছে। আনহাতে কালিৰ দিনটোত জান বৰাৰ এটা বেগ সেই ঠাইতে উদ্ধাৰ কৰা হৈছিল।
Published by: Himangshu Bhuyan
First published: September 11, 2021, 8:29 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি