ভাল খবৰ! কোভিডক জয় কৰি স্বগৃহলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা

News18 Assam | News18-Assam
Updated:June 11, 2021, 3:24 PM IST
ভাল খবৰ! কোভিডক জয় কৰি স্বগৃহলৈ উভতিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা
হাস্পতালত চিকিৎসাধীন অৱস্থাতে খেয়ালী মনৰ শিল্পীগৰাকীযে হাতত তুলি লয় ৰং–তুলিকা৷ (Photo : Facebook)

অৱশ্যে অনাগত দুমাহৰ বাবে চিকিৎসকৰ তত্বাবধানত থাকিব লাগিব নীলপৱন বৰুৱা৷

  • Share this:
কোভিডমুক্ত হ’ল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা৷ বিগত ৫ জুনত কোভিড–১৯ত আক্ৰান্ত হৈছিল শিল্পীগৰাকী৷ কোভিড আক্ৰান্ত হোৱা শিল্পীগৰাকীক লগে লগে ভৰ্তি কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত৷ বিগত ৭ দিন ধৰি চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে নীলপৱন বৰুৱা৷

বৰ্তমানে বৰুৱাৰ স্বাস্থ্যজনিত কোনো সমস্যা নাই৷ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকী। চিকিৎসকৰ দলটোৱে শুকুৰবাৰে নিজ গৃহলৈ যোৱাৰ পৰামৰ্শ দিয়ে বৰুৱাক। অৱশ্যে অনাগত দুমাহৰ বাবে চিকিৎসকৰ তত্বাবধানত থাকিব লাগিব নীলপৱন বৰুৱা৷

হাস্পতালত চিকিৎসাধীন অৱস্থাতে খেয়ালী মনৰ শিল্পীগৰাকীযে হাতত তুলি লয় ৰং–তুলিকা৷ ৰং–তুলিকাৰে চিকিৎসালয়ৰ মজিয়াতে সৃষ্টি কৰিছিল কোভিড সম্বন্ধীয় শিল্প৷ প্ৰৱল দৃঢ়মনা, আত্মবিশ্বাসী শিল্পীগৰাকী অনাগত দিনবোৰতো হৈ থাকক স্বাস্থ্যবান।
Published by: Sanjay Kumar Das
First published: June 11, 2021, 3:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি