ৰাজ্যত আৰম্ভ হোৱা গামোচা বিতৰ্ক আজিও অব্যাহত আছে ।গামোচা বিকৃতকৰণক লৈ আজি টিহুৰ এক অনুষ্ঠানত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশিষ্ট কবি নীলিম কুমাৰে । যি মহিলাই প্ৰথম তাঁতশালত অসমীয়া গামোচা তৈয়াৰ কৰিছিল সেই মহিলাগৰাকী আজি জীয়াই থাকিলে গামোচাৰ এই ৰূপ দেখি হুকহুকাই কান্দি উঠিলেহেতেন ।
গামোচা বিকৃতকৰণেৰে সমন্বয় আনিব বিচৰাসকলে হিন্দী ভাষাকো ৰাজ্যিক ভাষা হিচাপে লৈ সমন্বয় আনিব বিচাৰিব পাৰে বুলিও মত প্ৰকাশ কৰে বিশিষ্ট কবিগৰাকীয়ে । এই কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু কোনো অসমীয়াই ইয়াক মানি নলয় বুলিও সাহিত্যিকগৰাকীয়ে মত প্ৰকাশ কৰে ।
এই ঘটনাত ৰাজনৈতিক নেতা আৰু কিছু বুদ্ধিজীৱিও জড়িত আছে আৰু এয়া অসমীয়াৰ স্বাভিমানত চৰম আঘাত । টিহুৰ নাথকুছিত নমাটি বাৰোৱাৰী শতবৰ্ষ অনুষ্ঠানত আলোচনা চক্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভাত অংশ ল'বলৈ আহি গামোচাৰ বিতৰ্কক লৈ মঞ্চতে আবেগিক হৈ পৰে বিশিষ্ট কবি নীলিম কুমাৰ ।দুৰ্গতিনাশিনীয়ে অসমীয়া সমাজ জীৱনৰ প্ৰতি অহা দুৰ্গতিসমূহ নাশ কৰিব বুলি আশাবাদী নীলিম কুমাৰ ।
Published by: Subham Goswami
FIRST PUBLISHED : March 28, 2023, 21:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।