জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিখনে বৰ্তমান অসমত তীব্ৰ উৎকণ্ঠা তথা কৌতুহলৰ সৃষ্টি কৰিছে। কাব্যঋষিগৰাকীয়ে সেই চিঠিখনত কি লিখি থৈ গৈছে সেয়া জানিবলৈ আগ্ৰহেৰে যেন অপেক্ষা কৰিছে অসমবাসীয়ে। নিবন্ধকাৰ, সাংবাদিক নিত্য বৰাৰ হাতত সেই চিঠিখন দি বৰেণ্য কবি নীলমণি ফুকনে তেওঁ যোৱাৰ পিছতহে সেইখন খুলিবলৈ কৈছিল।
অসমৰ সাহিত্য জগতখনত এক শূন্যতাৰ সৃষ্টি কৰি কবি নীলমণি ফুকন গ’লগৈ। কবিগৰাকীৰ মহাপ্ৰয়াণৰ পিছত এতিয়া ২০০৪ চনতে লিখি থৈ যোৱা এই চিঠিখনক লৈ সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠা। কি আছে চিঠিখনত? সংবাদ মাধ্যমতো এইকেইটা দিনত উক্ত চিঠিখনক লৈ সম্প্ৰচাৰ হৈছে বাতৰি। কবি নীলমণি ফুকনে চিঠিখনত কি গোপন কথা লিখি থৈ গৈছে সেয়া জানিবলৈ অধীৰ অপেক্ষা সকলোৰে। ইতিমধ্যে নিত্য বৰাই চিঠিখন খোলাৰ কথাও উল্লেখ কৰিছে।