অভি নীল হত্যাকাণ্ডৰ নতুন মোৰ, সাক্ষীক দিছে মৃত্যুৰ ভাবুকি!

সমগ্ৰ গোচৰ বিপথে পৰিচালিত হোৱাৰ আশংকা নুই কৰা নাই অভি নীলৰ অধিবক্তা বিজন মহাজনে !

News18-Assam
Updated:August 6, 2019, 5:34 PM IST
অভি নীল হত্যাকাণ্ডৰ নতুন মোৰ, সাক্ষীক দিছে মৃত্যুৰ ভাবুকি!
Source-Google
News18-Assam
Updated: August 6, 2019, 5:34 PM IST
অগ্নিভ গগৈ, গুৱাহাটী : দেশ জোকাৰি যোৱা অভি নীল হত্যাকাণ্ডৰ গোচৰৰ সাক্ষীক দিয়া হৈছে হত্যাৰ ভাবুকি । এই সন্দৰ্ভত অভি নীল ৰ দুয়োজন পিতৃয়ে পুনৰ দকমকা আৰক্ষী থানাত চাৰিজনকৈ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

ইতিমধ্যে অভি নীল হত্যাকাণ্ডৰ গোচৰত তিনিজনকৈ সাক্ষীয়ে আদালতত সাক্ষ্য সলনি কৰি সমগ্ৰ গোচৰটো বিপথে পৰিচালনা কৰিবলৈ চেষ্টা কৰাৰ মাজতে আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । অভি নীল হত্যাকাণ্ডৰ গোচৰত মুঠ ৭৫জন সাক্ষী আছে আৰু এই সাক্ষী সকলক ভয় ভাবুকি আনকি হত্যা কৰাৰ ভাবুকি দিয়া হৈছে । এই সন্দৰ্ভত দকমকা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে অভি নীলৰ  পিতৃয়ে । তেওঁলোকে অভিযোগ দাখিল কৰা মতে পানবাৰী অঞ্চলত অনুষ্ঠিত এখন সভাত চাৰিজনকৈ লোকে সাক্ষী আৰু তেওঁলোকৰ পৰিয়ালক আদালতত ভাষ্য সলাবৰ বাবে ভাবুকি দিছে । এজাহাৰত অভি নীলৰ পিতৃয়ে আৰকৈ ইংতি কাথাৰ ,চাৰলংকী ইংতি, বাবুছিং ইংতি ,বিষ্ণুৰাম খাকলাৰী
নামৰ চাৰিজন লোকে সাক্ষীক দাবী ধমকি আনকি মৃত্যুৰ ভাবুকি দিছে বুলি উল্লেখ কৰিছে ।

ইফালে আদালতত সাক্ষ্য সলনি কৰা তিনিজন লোকক হস্তাইল ঘোষণা কৰিছে আদালতে । তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য সলনিৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে । তাৰ মাজতে পুনৰ এই অভিযোগে সমগ্ৰ গোচৰ বিপথে পৰিচালিত হোৱাৰ আশংকা নুই কৰা নাই অভি নীলৰ অধিবক্তা বিজন মহাজনে । মন কৰিবলগীয়া যে অভি নীল হত্যাকাণ্ডৰ গোচৰত জামিন বিচাৰি ৪৮জন অভিযুক্তই দাখিল কৰা আবেদন এতিয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচৰাধীন ।
আৰু চাওক পৰৱৰ্তী বাতৰি